অসম

assam

ETV Bharat / entertainment

যিমান ৰোমাঞ্চকৰ হ’লেও 'পৰিস্থিতিমূলক' সম্পৰ্কক অপৈণত আখ্যা জাহ্নৱী কাপুৰৰ - Janhvi Kapoor relationship advice

Janhvi Kapoor dating advice: পৰিস্থিতিমূলক সম্পৰ্কৰ (Situationship) বিৰুদ্ধে জাহ্নৱী কাপুৰৰ শক্তিশালী স্থিতি, ধাৰণাটোক 'অপৈণত' বুলি বৰ্ণনা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 1:03 PM IST

'Kick Out Indecisive Partners': Janhvi Kapoor's Strong Stance Against Situationships, Describes Concept As 'Retarded'
জাহ্নৱী কাপুৰ (ANI photo)

চিটাৰা ডেস্ক, 24 জুলাই : শিখৰ পাহাৰিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাতৰিৰে বহু সময় ধৰি চৰ্চাত আছে অভিনেত্ৰী জাহ্নৱী কাপুৰ ৷ আম্বানী পৰিয়ালৰ বিয়াতো একেলগে দেখা গ’ল দুয়োকে ৷ দুয়োৱে কেতিয়াও তেওঁলোকৰ সম্পৰ্কক লৈ উত্থাপন হোৱা প্ৰশ্ন সন্দৰ্ভত একো মন্তব্য দিয়া নাই যদিও কেতিয়াও অস্বীকাৰো কৰা নাই ৷ শেহতীয়াকৈ সম্পৰ্কৰ স্থিতিক লৈ জাহ্নৱীয়ে প্ৰকাশ কৰিছে নিজৰ দৃঢ় মতামত ।

বৰ্তমান ট্ৰেণ্ডত থকা এটা ধাৰণা ‘Situationship’ (যাক সাধাৰণ ভাষাত পৰিস্থিতিমূলক সম্পৰ্ক বুলি কোৱা হয়) ৰ বিৰুদ্ধে নিজৰ সবল স্থিতি প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ অনিৰ্দিষ্টকালীন সম্পৰ্কত আবদ্ধ হৈ থকাসকলক নিৰ্ণায়ক পদক্ষেপ ল’বলৈ উৎসাহিত কৰে জাহ্নৱীয়ে । শিখৰ পাহাৰিয়াৰ সৈতে বৰ্তমান সুখৰ সম্পৰ্কত থকা 27 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ অস্পষ্ট বা চৰ্তসাপেক্ষ থকা সম্পৰ্কৰ পৰা আঁতৰি অহাৰ কথা সদৰী কৰে ।

শেহতীয়াকৈ এটা ৱেবল’ইডৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত জাহ্নৱীয়ে স্পষ্টভাৱে প্ৰকাশ কৰে যে তেওঁ জীৱনত কেতিয়াও পৰিস্থিতিমূলক সম্পৰ্কত থকা নাই আৰু কোনোবা থাকিব লাগে বুলিও তেওঁ বিশ্বাস নকৰে । শব্দটো যাৰ বাবে অচিনাকি তেওঁলোকক জনাব বিচাৰিছো যে পৰিস্থিতিমূলক সম্পৰ্ক হৈছে প্ৰায় ডেটিং পিৰিয়ডৰ নিচিনাই, কিন্তু তাত প্ৰতিশ্ৰুতি নাথাকে ৷ ই এক অনানুষ্ঠানিক আৰু অনিৰ্দিষ্ট সম্পৰ্কক বৰ্ণনা কৰে, য’ত আপুনি আপোনাৰ সংগীক প্ৰশ্নও কৰিব নোৱাৰে !

লগতে পঢ়ক :অনন্ত-ৰাধিকাৰ বিয়াত কমলা লেহেংগাত কাৰ হিয়া জুৰালে জাহ্নৱীয়ে - Anant Radhika Wedding

জাহ্নৱীয়ে বিষয়টোত তেওঁৰ মতামত ব্যক্ত কৰি ধাৰণাটোক 'মন্থৰ' বুলি বৰ্ণনা কৰি কয় যে এজনে হয় কাৰোবাক সঁচাকৈয়ে ভাল পাব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে নতুবা এনে ধৰণৰ সম্পৰ্কত একেবাৰেই নিয়োজিত হ’ব নালাগে ।

তেওঁ বিশদভাৱে হিন্দীত আৰু কয়, "মুঝে য়ে বিচ কা সমঝ মে নেহী আতা ।" অনিৰ্ণায়ক সংগীয়ে অনিশ্চয়তাত এৰি থৈ যোৱাসকলক তেওঁ সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰে, দৃঢ়তাৰে অভিনেত্ৰীগৰাকীয়ে কয়, "যিসকল ল'ৰাই আপোনালোকক ওলোমাই ৰাখিছে, তেওঁলোকক জীৱনৰ পৰা বাহিৰ কৰি দিয়াই ভাল ।"

জাহ্নৱী কাপুৰ বৰ্তমান শিখৰ পাহাৰিয়াৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁলোক ক্ৰমান্বয়ে সকলোৰে লক্ষ্যলৈ আহিছে । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ সিন্দেৰ নাতি পাহাৰিয়াৰ সৈতে সঘনাই দেখা পোৱা গৈছে জাহ্নৱীক ।

পেছাদাৰী দিশত, জাহ্নৱী সুধাংশু সৰিয়াৰ আহিবলগীয়া ছবি ‘উলঝ’ ত সুহানা ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে । গুলশ্যন দেৱইয়া, ৰোশন মেথিউ, ৰাজেশ টাইলাং আৰু আদিল হুছেইনৰ দৰে কলাকুশলীসকলক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখুওৱা এই স্পাই থ্ৰিলাৰখন চলিত বৰ্ষৰ 2 আগষ্টত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক :জাহ্নৱীৰ ডিঙিত শিখৰৰ নামৰ নেকলেচ, ৰেড কাৰ্পেটত জাহ্নৱীয়ে দিলে হিণ্ট - Janhvi Kapoor Dating Shikhar

ABOUT THE AUTHOR

...view details