হায়দৰাবাদ : 2025 চনৰ 97 সংখ্যক অস্কাৰ একাডেমী বঁটাত ভাৰতীয় ছবিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ আগবাঢ়িছে । শেহতীয়াকৈ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও পৰিচালিত সামাজিক ছবি ‘লাপাতা লেডীজ’ নিৰ্বাচিত হৈছে আৰু এতিয়া ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ নামৰ চুটি ছবিখনে 2025 চনৰ অস্কাৰ লাভ কৰিবলৈ গৈ আছে ! 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জয়লাভ কৰিছিল ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ ছবিখনে । এতিয়া কান্নাড়া চুটি ছবি ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ এ 2025 চনৰ অস্কাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।
কোনটো শিতানত নিৰ্বাচিত হৈছে ছবিখন ?
‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ এ ‘লাইভ একশ্যন শ্বৰ্ট ফিল্ম কেটেগৰী’ত অস্কাৰ 2025 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰযোজনা ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ । 4 নৱেম্বৰত এফ টি আই আয়ে ছ’চিয়েল মিডিয়াত এই ভাল খবৰটো দৰ্শকৰ সৈতে শ্বেয়াৰ কৰে । এফ টি আই আয়ে নিজৰ পোষ্টত লিখিছে, “ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ 2025 চনৰ অস্কাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে লাইভ একশ্যন চুটি ছবি শাখাত ।”