মুম্বাই :কংগনা ৰনৌতৰ আটাইতকৈ প্ৰতীক্ষিত চলচ্চিত্ৰখন অৱশেষত ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব, য’ত কংগনাক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । এতিয়া কংগনাই প্ৰিয়ংকা গান্ধীক এই ছবিখন চাবলৈ আমন্ত্ৰণ জনাইছে । ইন্দিৰা গান্ধী প্ৰিয়ংকা গান্ধীৰ আইতাক আছিল যিয়ে ১৯৬৬ চনৰ পৰা ১৯৭৭ চনলৈ আৰু ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ।
কংগনাই চিনেমা চাবলৈ মাতিলে প্ৰিয়ংকাক
শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত কংগনাই প্ৰিয়ংকা গান্ধীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা মনত পেলাই কয়, "মই প্ৰিয়ংকা গান্ধীজীক সংসদত লগ পাইছিলো আৰু তেওঁক প্ৰথমে কোৱা কথাটো আছিল আপুনি ইমাৰ্জেন্সী চাব লাগে, ভাল লাগিব ।" এই কথাত তেওঁ অতি ভদ্ৰভাৱে উত্তৰ দিলে, "হয়, চাব পাৰো অৱশ্যে ৷"
ইন্দিৰা গান্ধীৰ জীৱনৰ প্ৰতিটো দিশ দেখুৱাবলৈ চেষ্টা কৰিছো- কংগনা ৰনৌত
ছবিখনত নিজৰ চৰিত্ৰৰ কথা কওঁতে কংগনাই কয়, "মই শ্ৰীমতী গান্ধীৰ চৰিত্ৰটো মৰ্যাদাৰে অভিনয় কৰিবলৈ অতি যত্ন কৰিছো ।" কংগনাই লগতে কয় যে এই ছবিখনৰ বাবে গৱেষণাৰ সময়ত কংগনাই ইন্দিৰা গান্ধীৰ ব্যক্তিগত জীৱনৰ ওপৰত বহুত গুৰুত্ব দিছিল । কিন্তু তেতিয়া তেওঁৰ মনলৈ ভাৱ আহিছিল যে এজন মানুহৰ জীৱনত আৰু বহুতো কিবাকিবি থাকে ৷ বিশেষকৈ নাৰীৰ কথা আহিলে কেৱল তেওঁলোকৰ চৌপাশৰ পুৰুষৰ অস্তিত্বৰ সৈতেই নাৰীৰ কথা জড়িত হৈ পৰে । সেইবাবেই তেওঁৰ জীৱনৰ আন আন দিশবোৰো মৰ্যাদাৰে দেখুৱাবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰে ৰনৌতে ৷
অৱশেষত ছবিগৃহলৈ আহি আছে ইমাৰ্জেন্সী
কেতিয়াবা ইয়াৰ সংলাপ বা কেতিয়াবা তথ্য যোগানত পলম হোৱাৰ বাবে আৰু কেতিয়াবা কংগনা ৰাজনৈতিক জীৱনত ব্যস্ত থকাৰ বাবে ইমাৰ্জেন্সীৰ মুক্তি বহুবাৰ ধৰি পিছুওৱা হৈছে । কিন্তু অৱশেষত এতিয়া ছবিখন ১৭ জানুৱাৰীত মুক্তি পাবলৈ ওলাইছে । শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ দ্বিতীয়টো ট্ৰেইলাৰত দৰ্শকে ইতিবাচক সঁহাৰি দিছে । কংগনাৰ উপৰি অনুপম খেৰ, শ্ৰেয়স তালপাড়ে আৰু মিলিন্দ সুমন, মহিমা চৌধুৰীৰকো এই ছবিখনত দেখা যাব ।
লগতে পঢ়ক :বলীউডৰ কোনখন ছবিত অভিনয় কৰাৰ বাবে আজিও আক্ষেপ কৰে ৰাম চৰণে ?