চিটাৰা ডেস্ক, 13 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ মাইথ’লজি এণ্ড চাইন্স ফিকচনৰ আধাৰত নিৰ্মিত ছবি কল্কি 2898 AD এ বিশ্বজুৰি বক্স অফিচত ১০০০ কোটি টকা উপাৰ্জন কৰিছে । কল্কি 2898 AD প্ৰভাসৰ কেৰিয়াৰৰ দ্বিতীয়খন ১০০০ কোটি টকাৰ ছবি হিচাপে পৰিগণিত হৈছে । প্ৰভাসে প্ৰথমে বাহুবলী ২ ছবিৰে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল ।
বিগত ২৭ জুনত মুক্তি লাভ কৰা কল্কি ‘2898 AD’ আজি ১৩ জুলাইত মুক্তিৰ ১৭দিনলৈ ছবিগৃহত সগৌৰৱে চলি আছে । ১৬ দিনত বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ‘কল্কি 2898 AD’ এ । ইয়াৰ সমান্তৰালকৈ প্ৰভাসে ১৬ দিনীয়া ঘৰুৱা বক্স অফিচ সংগ্ৰহেৰে শ্বাহৰুখ খানৰ ছবি পাঠানৰ অভিলেখ ভংগ কৰিছে ‘কল্কি 2898 AD’ৰ জৰিয়তে । ‘কল্কি 2898 AD’ এ এই ১৬ দিনত ৫৫০ কোটি টকাৰ ঘৰুৱা সংগ্ৰহ কৰিছে ।
১৬ দিনৰ উপাৰ্জন
Sacknilkৰ মতে, ‘কল্কি ‘2898 AD’ এ ১৬ তাৰিখে ভাৰতীয় বক্স অফিচত ৫.২ কোটি টকাৰ ব্যৱসায় কৰিছে ৷ ইয়াৰ লগে লগে ‘কল্কি 2898 AD’ ছবিখনৰ ঘৰুৱা সংগ্ৰহ ৫৪৮ কোটি টকা হৈছেগৈ ৷ একে সময়তে শনিবাৰে ছবিখনে সহজেই ৫৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব আৰু ইয়াৰ লগে লগে ‘কল্কি ‘2898 AD’’ এ দেওবাৰে এনিমেলৰ ঘৰুৱা সংগ্ৰহৰ ৫৫৩ কোটি টকাৰ অভিলেখ ভংগ কৰিব বুলি অনুমান কৰা হৈছে ৷
একে সময়তে শ্বাহৰুখ খানৰ ছবি পাঠান (২০২৩)ৰ ৫৪৩.৪৫ কোটি টকাৰ ঘৰুৱা উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে ‘কল্কি ‘2898 AD’এ ৷ কেইদিনমানৰ পাচত ‘কল্কি ‘2898 AD’ ছবিখনে পাঠানৰ বিশ্বব্যাপী ১০৪৮ কোটি টকাৰ সংগ্ৰহক অতিক্ৰম কৰিব ।
কল্কিয়ে কৰিলে অভিলেখ ভংগ: বিগ বিৰ প্ৰতিক্ৰিয়া প্ৰকাশ