চিটাৰা ডেস্ক, 29 জুন : বিভিন্ন ভাষাত মুক্তি পোৱা কল্কি 2898 এডিয়ে দ্বিতীয় দিনা আশানুৰূপ ফল নেদেখুৱালে ৷ মুক্তিৰ পিছৰ দিনটোত উপাৰ্জন হ্ৰাস পাই ছবিখনৰ । মুকলি দিনৰ তুলনাত ভাৰতত ছবিখনৰ সংগ্ৰহ ৪৩ শতাংশ হ্ৰাস পোৱাৰ লগতে তেলুগু সংস্কৰণত লক্ষণীয় হ্ৰাস দেখা গৈছে ।
কল্কি 2898 এডিৰ বক্স অফিচ যাত্ৰা আৰম্ভ হৈছিল ধুমুহাৰ গতিৰে ৷ মুকলি দিনটোত বিশ্বজুৰি ১৯১.৫ কোটি টকা উপাৰ্জন কৰে ছবিখনে । কিন্তু ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জন যথেষ্ট হ্ৰাস পায় । ভাৰতত প্ৰথম দিনাই ৯৫.৩ কোটি টকা নেট সংগ্ৰহ কৰে যদিও এই সংখ্যা ৪৩ শতাংশতকৈ অধিক হ্ৰাস পাই দ্বিতীয় দিনটোত ৫৪ কোটি টকা হয় ।
ছবিখনৰ তেলুগু সংস্কৰণত আটাইতকৈ লক্ষণীয় হ্ৰাস দেখা গৈছে, য’ত প্ৰথম দিনা ৬৫.৮ কোটি টকা উপাৰ্জনৰ বিপৰীতে পিছদিনা মাত্ৰ ২৫.৬৫ কোটি টকাহে উপাৰ্জন হয় । শুকুৰবাৰে তেলুগু প্ৰদৰ্শনীত ৬৫.০২ শতাংশ লোক দেখিবলৈ পোৱা যায় ৷ আনহাতে দুয়োটা দিনতে ছবিখনৰ হিন্দী সংগ্ৰহ ২২.৫ কোটি টকাতে স্থিৰ হৈ আছে ।
তেলুগু, তামিল, হিন্দী, কানাড়া আৰু মালায়ালমত মুক্তি পোৱা এই ছবিখনে গোটেইকেইটা ভাষাতে পৃথক প্ৰদৰ্শন আগবঢ়ায়-
- তামিল সংস্কৰণত ৪.৫ কোটি টকাৰে মুকলি হোৱা ছবিখনৰ উপাৰ্জন দ্বিতীয় দিনটোত সামান্য হ্ৰাস পাই ৩.৫ কোটি টকা হয়গৈ ।
- কানাড়া ভাষাত প্ৰথম দিনটোত ৩০ লাখ আৰু দ্বিতীয় দিনা ৩৫ লাখ টকা উপাৰ্জন কৰে ।
- মালয়ালমত ছবিখনে মুঠ ৪.৪ কোটি টকা উপাৰ্জন কৰে, প্ৰথম দিনটোত ২.২ কোটি আৰু দ্বিতীয় দিনত ২ কোটি টকা উপাৰ্জন কৰে ।
- মুঠতে ভাৰতত কল্কি 2898 এডিৰ দুদিনীয়া সংগ্ৰহ হৈছে ১৪৯.৩ কোটি টকা ।