ETV Bharat / entertainment

থিয়েটাৰ কৰা ছোৱালী বুলি বহুতে সহজে নলয় : অনিতা চক্ৰৱৰ্তী - Anita chakraborty Interview

Anita Chakraborty : বিদ্যালয়ত পঢ়ি থাকোতে কোনে চিঠি দিছিল অভিনেত্ৰী অনিতা চক্ৰৱৰ্তীক ? থিয়েটাৰত থকা ছোৱালী বুলি অৱমাননাৰ সন্মুখীন হোৱা অভিনেত্ৰীগৰাকীৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ-

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

etv bharat exclusive interview with actor Anita chakraborty
অভিনেত্ৰী অনিতা চক্ৰৱৰ্তী (ETV Bharat Assam)

গুৱাহাটী, 4 অক্টোবৰ : ‘আইদেউ সন্দিকৈ’, ‘কাঞ্চন’ আদিৰ দৰে কেইবাখনো জনপ্ৰিয় নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এগৰাকী অভিনেত্ৰী অনিতা চক্ৰৱৰ্তী । দূৰদৰ্শনৰ কেবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে মনোৰঞ্জনধৰ্মী কেইবাটাও চেনেলৰ ধাৰাবাহিকত অভিনয় কৰিছে তেওঁ ৷ তেওঁৰ কৃতিত্বৰ তালিকাত আছে দুখনকৈ অসমীয়া ছবি ৷ আকৰ্ষণীয় চেহেৰাৰ পৰা আৰম্ভ কৰি মাত-কথাৰে সহজেই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় তেওঁ ।

বৰ্তমান তেওঁৰ এখন ধাৰাবাহিক সম্প্ৰচাৰ হৈ আছে ৷ লগতে তেওঁ অভিনীত আন এখন ধাৰাবাহিক ‘বহাগী’ শীঘ্ৰেই আহি আছে দৰ্শকৰ মাজলৈ । বহাগীত এটা নিগেটিভ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰী অনিতা চক্ৰৱৰ্তীক । সদায় বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰি ভালপোৱা অভিনেত্ৰীগৰাকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনালে তেওঁৰ জীৱনৰ বহু কথা ।

অভিনেত্ৰী অনিতা চক্ৰৱৰ্তীৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

কেনেদৰে অভিনয় জগতত খোজ পেলাইছিল অভিনেত্ৰী অনিতা চক্ৰৱৰ্তীয়ে ?

এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়, “অভিনয় জগতলৈ মই প্ৰথম আহিছিলো ক্লাছ ছিক্সত পঢ়ি থাকোতে । স্কুলত তেতিয়া স্কুলসপ্তাহ চলি আছিল ৷ ছিনিয়ৰ কেইগৰাকীমানে মোক নাটক কৰিবা নেকি বুলি সুধিছিল, তেনেদৰেই প্ৰথম নাটক কৰিলো । তেনেকৈয়ে এই যাত্ৰাৰ আৰম্ভণি হৈছিল ।”

ভ্ৰাম্যমাণৰ মঞ্চলৈ অভিনেত্ৰীগৰাকীৰ যাত্ৰা

“স্কুলৰ পৰাই মোৰ সেই নাটকৰ যাত্ৰা আৰম্ভ হৈছিল, তাৰ পাছত মই সন্দিকৈ মহাবিদ্যালয়লৈ আহিলো । তাতো নাটক কৰিছিলো । তাৰ পাছত ৰবীন্দ্ৰ ভৱনত ছেক্সপিয়েৰৰ এখন নাটক কৰিছিলো, সেইখন কৰোতে ভ্ৰাম্যমানৰ প্ৰযোজক সুবোধ মজুমদাৰে সেই নাটকখন চাই খুব ভাল পালে । তাৰ পাছত তেওঁ মোক থিয়েটাৰত নাটক কৰাৰ প্ৰস্তাৱ দিছিল । 1999 চনত মই ভাগ্যদেৱী থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণত খোজ পেলাইছিলো । তেতিয়াৰ পৰা মই একেৰাহে 10 বছৰ ভ্ৰাম্যমাণত অভিনয় কৰিলো ।”

অভিনয় কৰি এখন সংসাৰ বা এখন ঘৰ চলোৱা সম্ভৱনে ?

এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, “আচলতে আমাৰ বাজেটবোৰ বহুত কম । কেৱল অভিনয় কৰি ঘৰ চম্ভালিব নোৱাৰি, ওপৰিঞ্চি কিবা এটা লাগে আচলতে । সেইটো মই নিজৰ ক্ষেত্ৰতো গম পাইছো । অন্য কিবা এটাও লাগে ।” লগতে ধাৰাবাহিকৰ মাননিৰ সন্দৰ্ভত তেওঁ কয়, “কাম হিচাপে আমি যিমান সময় ব্যয় কৰো সেই হিচাপত আমাৰ মাননি বহুত কম । কষ্ট হিচাপে ধাৰাবাহিকত মাননি বহু কম দিয়া হয় ।”

এতিয়া ভ্ৰাম্যমাণ সলনি হৈছে নেকি ?

অনিতা চক্ৰৱৰ্তীৰ ভাষ্য, “বহুতেই সলনি হৈছে । নাটকীয়তাটো এতিয়া যেন হেৰাই গৈছে । এতিয়াৰ ভ্ৰাম্যমাণত বাণিজ্যিক বস্তুবোৰ বেছিকৈ সোমাই গৈছে । নাচ-গানৰ পয়োভৰবোৰ পূৰ্বতকৈ বৃদ্ধি পাইছে যাৰ বাবে সংলাপবোৰ বুজি নাপায় । আমি যেতিয়া নাটক কৰিছিলো তেতিয়া দুখন মঞ্চ আছিল । কিন্তু এতিয়া অতি বিৰক্তিকৰ হৈ পৰিছে, গেলেৰীলৈকে আৰ্টিষ্ট যেতিয়া যায়, কিবা চাৰ্কাছ চাই থকা যেন লাগে । নাটক বা ভ্ৰাম্যমাণ যেন হেৰাই যাব এতিয়া তেনেকুৱা লগা হৈছে ।”

লগতে পঢ়ক : তেওঁৰ শাৰীৰিক গঠন কিছু সুকীয়া, সেইবাবেই অনাদৃত হৈ আছিল সমাজত - Actor Debasish Bhuyan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.