ETV Bharat / state

ADRE-ৰ লিখিত পৰীক্ষাৰ পাচতেই চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক - Fraud in ADRE - FRAUD IN ADRE

Teacher Arrested in Nagaon : চাকৰিৰ নামত দালালিত নামিছে খোদ চৰকাৰী শিক্ষক । চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক ।

Teacher Arrested in Nagaon
চাকৰিৰ নমত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 7:17 AM IST

নগাঁও, ৫ অক্টোবৰ : ADRE অৰ্থাৎ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইতিমধ্যেই লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ সময়তেই চাকৰি দিয়াৰ নামত ওলাইছে ঠগ, প্ৰৱঞ্চক । চৰকাৰী চাকি দিয়াৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।

নগাঁৱৰ এগৰাকী চৰকাৰী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ নিযুক্তিৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰাৰ সময়তো একাংশ লোকক প্ৰৱঞ্চনা কৰি চাকৰিৰ নামত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।

চাকৰিৰ নমত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক (ETV Bharat Assam)

নগাঁৱৰ পূব ছিলনী মোক্তাব স্কুলৰ শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাই কেইবাগৰাকীও ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছে নগাঁও আৰক্ষীয়ে । এই পৰ্যন্ত চাৰিগৰাকীকৈ ব্যক্তিৰ পৰা অভিযোগ লাভ কৰি নগাঁও আৰক্ষীয়ে শুকুৰবাৰে প্ৰথমে আটক কৰি সোধা-পোছাৰ অন্তত এক গোচৰ ৰুজু কৰি প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰে শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাক ।

চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত শিক্ষক মুন বৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত 984/24 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 61(2)/118(4)/308(2) অধীনত গোচৰ ৰুজু কৰিছে । শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই তথ্য সদৰী কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

উল্লেখ্য যে চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰাৰ পাচতেই প্ৰৱঞ্চনাৰ বিৰুদ্ধে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী । অভিযোগ লাভ কৰাৰ পাচতেই অভিযান আৰম্ভ কৰি চাকৰিৰ নামত প্ৰৱঞ্চনা কৰা শিক্ষকগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

আনহাতে, শুকুৰবাৰে সন্ধিয়া প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা শিক্ষক মুন বৰাক অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :আৰক্ষীতো ১৭ অযোগ্য় বিষয়া ! ১৮ বছৰে কৰি থকা চাকৰি যাও যাও - Assam Police recruitment scam
লগতে পঢ়ক :হত্যাকাৰী বাঘ ক'ত ? কেতিয়া যাব চিৰিয়াখানালৈ ? - TIGER ATTACK IN ORANG NATIONAL PARK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.