ETV Bharat / entertainment

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ল গোবিন্দাক - GOVINDA SHOOTING INCIDENT

Actor Govinda leg injury : অভিনেতা গোবিন্দাক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ ভুলবশতঃ নিজৰ ভৰিতে গুলীচালনা কৰিছিল তেওঁ ।

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Govinda Discharged From Hospital After Accidental Revolver Incident
অভিনেতা গোবিন্দা (Photo: IANS)

চিটাৰা ডেস্ক, 4 অক্টোবৰ : বলীউডৰ অভিনেতা গোবিন্দাই অলপতে দুৰ্ঘটনাক্ৰমে নিজৰে ভৰিতে গুলী চলাইছিল, যাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অস্ত্ৰোপচাৰ কৰা হয় । এতিয়া গোবিন্দাক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । গোবিন্দাক হুইলচেয়াৰত বহি থকা দেখা গৈছে ।

1 অক্টোবৰত গোবিন্দাই দুৰ্ঘটনাক্ৰমে নিজৰ ৰিভলভাৰেৰে গুলীচালনা কৰে, যাৰ ফলত তেওঁৰ ভৰি আঘাতপ্ৰাপ্ত হয় । ঘটনাটো পুৱা প্ৰায় 4.45 বজাত সংঘটিত হয় ৷ জানিব পৰা মতে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো তেওঁ পৰীক্ষা কৰি আছিল । অভিনেতাজনক মুম্বাইৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

গোবিন্দাৰ মেনেজাৰ শশী সিনহাই এ এন আইক জনোৱা মতে, অভিনেতাজনে কলকাতালৈ যাবলৈ সাজু হৈ থকা সময়ত নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো কেছত সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰোতেই এই ঘটনা ঘটে । ৰিভলভাৰটো অকস্মাতে তেওঁৰ হাতৰ পৰা পৰি ভৰিত গুলী লাগে । সিনহাই নিশ্চিত কৰে যে চিকিৎসকে গুলীটো ইতিমধ্যে আঁতৰাইছে আৰু গোবিন্দাৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

60 বছৰীয়া গোবিন্দাক আজি তেওঁৰ পৰিয়ালৰ সদস্যসকলে হুইলচেয়াৰত চিকিৎসালয়ৰ পৰা বাহিৰলৈ উলিয়াই আনে ৷ তেওঁ বাওঁভৰিত আঘাতপ্ৰাপ্ত হৈছিল । তেওঁৰ পত্নী সুনীতা আহুজা আৰু জীয়াৰী টিনা আহুজা তেওঁৰ লগত আছিল ৷ অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ লোকসকলৰ লগতে তেওঁৰ অনুৰাগীসকলক হাতযোৰ কৰি ধন্যবাদ জনায় । তেওঁ কয়, “মই সংবাদ মাধ্যমৰ সদস্যসকল, কৰ্তৃপক্ষ আৰু মোৰ অনুৰাগীসকলক ধন্যবাদ জনাইছো যিসকলে মোক ভাল পাই আৰু যাৰ ইচ্ছাই মোক সুৰক্ষিত ৰাখিছে, মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছো ।”

লগতে পঢ়ক : আঘাতপ্ৰাপ্ত অভিনেতা গোবিন্দা, হাস্পতালত ভৰ্তি - Actor Govinda leg injury

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.