গুৱাহাটী : দ্বিতীয় সপ্তাহৰ বাবে ছবিগৃহত চলিছে ‘জয় হনুমেন’। বিতৰ্ক, সমালোচনাৰ মাজেৰে দ্বিতীয় সপ্তাহৰ যাত্ৰা অব্যাহত ৰাখিছে ছবিখনে । ক্ৰমাৎ প্ৰথম সপ্তাহতকৈ বৃদ্ধি পাইছে ছবিগৃহত দৰ্শকৰ সংখ্যা । ছবিগৃহৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ‘জয় হনুমেন’ ছবিখনৰ মুক্তিৰ প্ৰথম সপ্তাহত দৰ্শকৰ উপস্থিতি আশা কৰা অনুসৰি হোৱা নাছিল ৷
শামুকীয়া গতিৰে চলি আছিল ছবিখন ৷ পিছে এতিয়া দৃশ্যপট সলনি হৈছে যেন অনুমান হয় ৷ শামুকীয়া গতিৰে আগবাঢ়িলেও হিট হোৱাৰ দিশে আগবাঢ়িছে ছবিখন । ছবিখনৰ মুক্তিৰ পূৰ্বৰে পৰা ভিন্ন কাৰণত ছবিখনক লৈ সৃষ্টি হৈ আহিছে বহু বিতৰ্কৰ । ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ছবিখনক লৈ প্ৰদান কৰিছে ইটোৰ পিছত সিটোকৈ স্পষ্টীকৰণ । ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ নামটোক লৈ চলি থকা বিভিন্ন কথাৰ আঁৰৰ কথা জনালে পৰিচালকগৰাকীয়ে ।
প্ৰথম সপ্তাহৰ তুলনাত দ্বিতীয় সপ্তাহত বৃদ্ধি পাইছে দৰ্শকৰ সংখ্যা
এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “এইটো এটা খুব ভাল কথা । ছবিখনক লৈ বহুত ডাঙৰ এটা ষড়যন্ত্ৰ চলিছিল, কিন্তু যি সকল দৰ্শকে ছবিখন চালে আৰু তেওঁলোকে যি ধৰণৰ যোগাত্মক সমালোচনা কৰিলে তাৰ ফলত ছবিখন উপভোগ কৰা দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে । এইটো হোৱা উচিত বুলি আমিও ভাবো ।”
ছবিখনৰ নামটোকলৈ বিতৰ্ক কৰা সকলৰ মাজত শাসকীয় দলৰো একাংশ সদস্য আছে
“তেওঁলোকে নমৰালৈকে সমালোচনা কৰি থাকিব । কাৰণ তাৰ বাহিৰে তেওঁলোকৰ ক’বলগীয়া একো নাই । ছবিখনত এনেকুৱা কিছুমান কথা আছে, এনেকুৱা কিছু সত্য কথা আছে যিবোৰ কথাই হয়তো তেওঁলোকক আমনি দিছে, তেওঁলোকক কষ্ট দিছে আৰু সেইবোৰ কথা এতিয়া তেওঁলোকে ক’ব নোৱাৰে । সেইকাৰণে এতিয়া তেওঁলোকে নামটোক লৈয়ে এটা অযথা বিতৰ্কৰ সৃষ্টি কৰি ছবিখনক ৰাইজৰ মাজত নিগেটিভভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু ছবিখন চোৱা কোনো হিন্দুলোকে কোৱা নাই যে তেওঁলোকৰ অনুভূতিত আঘাত লাগিল । আঘাত লাগিল বুলি সেই সকলে কৈ আছে যি সকলে ছবিখন চোৱা নাই । মইটো প্ৰায়কেইটা ছবিগৃহৰ বাহিৰতে আছো, যদিহে ছবিখনে হিন্দু ধৰ্মৰ অনুভূতিত আঘাত লগালেহেঁতেন তেন্তে ছবিখন উপভোগ কৰা ৯৫% হিন্দু লোকে চোন মোক থু পেলালেহেঁতেন, তেওঁলোকেটো তেনেকুৱা কৰা নাই তাৰ বিপৰীতে প্ৰশংসাহে কৰিছে ।”
হিমাংশু প্ৰসাদ দাসৰ বিৰুদ্ধে কিছুসময়ত একাংশই বিতৰ্ক চলাই নেকি ?
“ৰাজনীতি কৰা বুলি নকওঁ, কিন্তু আমি সামাজিকভাৱে জড়িত হৈ থাকো । আমি কেতিয়াও ঘৰৰ ভিতৰত চুপ-চাপ বহি থকা মানুহ নহয় । গতিকে যেতিয়া সামাজিকভাৱে ওলাই অহা যায় তেতিয়া দহজন ভালপোৱা আৰু দহজন বেয়াপোৱা মানুহ ওলাবই, এয়া পৃথিৱীৰ নিয়ম । কিন্তু কথাটো হ’ল কোনোবা ব্যক্তি বা দল সংগঠনৰ বিৰুদ্ধে মই আচলতে নহয় । মই অসমখনক ভাল পাওঁ, সেইকাৰণে আচলতে কিছুমান কথাত মাত মাতো ।”
শেষত ছবিখন উপভোগ কৰি উঠিহে ছবিখনৰ নামটোক লৈ সমালোচনা আৰু মন্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাই পৰিচালকগৰাকীয়ে ।
লগতে পঢ়ক :প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man