অসম

assam

ETV Bharat / entertainment

এমাজন প্ৰাইমত টপ-১০ ৰ শীৰ্ষত অসমৰ পৰিচালকৰ হিন্দী ছবি কুকি

ছবিগৃহত ভিন্ন কাৰণত কম প্ৰদৰ্শনী লাভ কৰা ছবি ‘কুকি’ বৰ্তমান উপলব্ধ অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইমত ৷ এমাহত ১ কোটিৰো অধিক লোকে চালে ছবিখন ৷

Pranab J Deka movie kooki is in first position of amazon prime top 10 shows
এমাজন প্ৰাইমত উপভোগ কৰক কুকি (Photo: ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : 6 hours ago

গুৱাহাটী :অসমবাসীৰ বাবে এক সুখবৰ ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এটি হৃদয়স্পৰ্শী কাহিনীৰ আধাৰত জলীউড আৰু বলীউডৰ এদল অভিনেতা-অভিনেত্ৰীক লৈ নিৰ্মাণ কৰা এখন হিন্দী ছবি ‘কুকি’ বৰ্তমান উপলব্ধ অটিটি প্লেটফৰ্ম ‘এমাজন প্ৰাইম’ত ৷ অ’টিটি প্লেটফৰ্মটোত উপলব্ধ হোৱাৰ ঠিক এমাহৰ ভিতৰতেই ছবিখনিৰ প্ৰতি দৰ্শকৰ সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে নিৰ্মাতা গোষ্ঠীটোক ৷

নিৰি মিডিয়া (অ পি চি) প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন অসমত থাকি ডাঙৰ-দীঘল হোৱা এগৰাকী অনা-অসমীয়া কিশোৰীৰ জীৱনগাঁথাক কেন্দ্ৰ কৰি ঘূৰি থাকে ৷ কিশোৰীগৰাকীৰ প্ৰেম, জীৱন সংগ্ৰাম তথা বিভিন্ন প্ৰত্যাহ্বানমূলক পৰিস্থিতি ছবিখনত উপস্থাপন কৰা হৈছে ৷ এই ছবিখনৰ পৰিচালনা প্ৰণৱ জে ডেকাৰ আৰু প্ৰযোজনা কৰিছে ড৹ জোনমণি দেৱী খাউণ্ডে ।

লগতে পঢ়ক :‘কুকি’ৰ এটা শ্বটৰ পিচত কিয় এঘণ্টা কান্দিছিল অভিনেত্ৰী ৰিতিশাই - Kooki

ছবিখনত অসমীয়া কলা-সংস্কৃতিৰ কেবাটাও উপাদান সংযোজিত কৰাৰ লগতে ‘কুকি’ নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দুখজনক যাত্ৰা দেখুওৱা হৈছে, যাৰ বাবে ছবিখন দৰ্শকৰ কাষ চাপিছে । ‘কুকি’ৰ জীৱন আৰু সপোনবোৰ ছিন্ন-ভিন্ন হৈ পৰে যেতিয়া তাই এক নিৰ্মম দলবদ্ধ ধৰ্ষণৰ বলি হয় ৷ আদালতৰ ৰায়দানক শ্ৰদ্ধা জনাই যদিও তাইৰ ক্ষেত্ৰত হোৱা দলবদ্ধ ধৰ্ষণৰ ন্যায়ৰ সমাধান বহু দূৰত যেন অনুভৱ কৰে কুকিয়ে ৷ কিয়নো এতিয়াও ধৰ্ষণৰ দৰে জঘন্য অপৰাধক হিংসুক তথা জঘন্য অপৰাধ হিচাপে গণ্য কৰি শাস্তি বিহা নহয় অথবা ই আইনৰ গণ্ডীলৈ তেনেদৰে অহা নাই ৷ এনে এক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনি সমগ্ৰ দেশত মুক্তি দিয়াৰ পাছত পৰৱৰ্তী সময়ত অটিটি প্লেটফৰ্ম এমাজন প্ৰাইমত মুক্তি দিয়া হয় ৷

এমাজন প্ৰাইমত উপভোগ কৰক কুকি (Photo: ETV Bharat Assam)

ছবিখনি এমাজন প্ৰাইমত মুক্তি দিয়াৰ এমাহৰ ভিতৰতে বৰ্তমানলৈকে ১ কোটিৰো অধিক লোকে ছবিখনি উপভোগ কৰি একপ্ৰকাৰে অভিলেখ গঢ়ে ৷ সেই অনুসৰি ‘কুকি’ ছবিখনিয়ে এমাজন প্ৰাইমৰ শীৰ্ষ ১০ খন ছবিৰ তালিকাত প্ৰথম স্থানত থাকিবলৈ সক্ষম হৈছে ৷

ছবিখনত অভিনয় কৰিছে বলীউডৰ লগতে বলীউডত প্ৰতিষ্ঠিত কেবাগৰাকীও অসমৰ শিল্পীয়ে ৷ ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকণা, ৰঞ্জীৱ লাল বৰা আৰু বহুতো শিল্পীক এই ছবিখনত দেখা গৈছে ৷

এমাজন প্ৰাইমত উপভোগ কৰক কুকি (Photo: ETV Bharat Assam)

‘কুকি’ৰ নাম ভূমিকাটোত অভিনয় কৰা ৰিতিশা খাউণ্ডৰ সাহসী আৰু প্ৰত্যাহ্বানমূলক সাৱলীল অভিনয়ে তেওঁলৈ বৰ্তমান বলীউডৰ কেবাটাও শীৰ্ষ পৰ্যায়ৰ ছবি নিৰ্মাতা প্ৰতিষ্ঠানৰ ‘অফাৰ’ কঢ়িয়াই আনিছে বুলি জানিবলৈ দিয়ে ছবিখনৰ প্ৰযোজক তথা পৰিচালকে ।

উল্লেখ্য যে, ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে বলীউডৰ কণ্ঠশিল্পী সুনিধি চৌহান, মহম্মদ ফেইজ, দিব্যা কুমাৰ আৰু অসমৰ কৃত্তিকা শৰ্মাই ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ‘কাঁ চলচিত্ৰ মহোৎসৱ’ ত প্ৰদৰ্শিত হৈছিল ছবিখন ।

লগতে পঢ়ক :শিহৰণকাৰী ঘটনা এটাৰ পাচত ভুক্তভোগীৰ জীৱন কেনেদৰে আগবাঢ়ে ? - Kooki hindi movie

ABOUT THE AUTHOR

...view details