চিটাৰা ডেস্ক, 17 জুন: প্ৰতিবছৰে জুন মাহৰ তৃতীয়টো দেওবাৰ পিতৃসকলৰ বাবে উৎসৰ্গা কৰা হয় ৷ যিটো দিন আমি পিতৃ দিৱস হিচাপে পালন কৰো । প্ৰতিগৰাকী পিতৃৰ মৰম আৰু ত্যাগৰ বাবে আমি ধন্যবাদ জনাবলৈ এই বিশেষ দিনটো পালন কৰো ৷ এই দিনটোক বিশেষ কৰি তুলিবলৈ আপুনি আপোনাৰ পিতৃৰ সৈতে এইকেইখন বলীউডৰ অন্যতম শ্ৰেষ্ঠ চিনেমা চাব পাৰে ৷
এই ছবিবোৰত পিতৃ-সন্তানৰ মাজৰ বান্ধোন বিভিন্ন ধৰণেৰে অতি সুন্দৰভাৱে দেখুওৱা হৈছে আৰু এই ছবিবোৰে বহু শিক্ষাও প্ৰদান কৰে ৷ তেনেহ’লে চাও আহক এই ছবিকেইখন নো কি কি-
অংগৰেজী মিডিয়াম
২০২০ চনত মুক্তি লাভ কৰা এই ছবিখনত ইৰফান খান আৰু ৰাধিকা মদনে পিতৃ-কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ এই ছবিখনত কৰীণা কাপুৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল ৷ কন্যাৰ সপোন, হাঁহি আৰু সুখ পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা পিতৃৰ কাহিনী এই ছবিখনৰ জৰিয়তে দেখুওৱা হৈছে ৷ এই ছবিখনৰ কাহিনী অতি হৃদয়স্পৰ্শী ৷
দংগল
২০১৬ চনত মুক্তি পোৱা এই বায়’পিক ছবিখনত আমিৰ খানে মল্লযুঁজাৰু মহাবীৰ ফ’গাটৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে সমাজ আৰু আত্মীয়-স্বজন নিৰ্বিশেষে নিজৰ কন্যা গীতা (ফাতিমা সনা শ্বেইখ) আৰু ববিতা (সান্যা মালহোত্ৰা)ক মল্লযুঁজাৰু হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লয় ৷