অসম

assam

জন্মদিনত পত্নী নেহালৈ অংগদৰ বিশেষ ছাৰপ্ৰাইজ - Neha Dhupia Birthday

By ETV Bharat Entertainment Team

Published : Aug 27, 2024, 5:08 PM IST

Happy Birthday Neha Dhupia : বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াই আজি তেওঁৰ 44 সংখ্যক জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীৰ স্বামী অংগদ বিষেণ সিং বেদীয়ে তেওঁক এক অনন্য ধৰণে জন্মদিনৰ শুভেচ্ছা জনাইছে ।

Happy Birthday Neha Dhupia gets sweetest gift from husband Angad Bedi WATCH
অংগদ বেদী-নেহা ধুপিয়া (ANI)

চিটাৰা ডেস্ক, 27 আগষ্ট :নেহা ধুপিয়াই আজি (27 আগষ্ট) তেওঁৰ 44 সংখ্যক জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত নেহা ধুপিয়াই সকলো পিনৰে পৰা শুভেচ্ছা লাভ কৰিছে । স্বামী অংগদ বেদীয়েও তেওঁৰ লেডী লবৰ ওপৰত প্ৰেমৰ বৰষুণ পেলোৱাৰ এটাও সুযোগ এৰি দিয়া নাই । শেহতীয়াকৈ, তাৰকাগৰাকীয়ে তেওঁৰ পত্নী নেহাৰ জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপলৈ উৰা মাৰিছিল আৰু 'পিংক' তাৰকাগৰাকীয়ে তেওঁৰ বাবে এক আকৰ্ষণীয় ছাৰপ্ৰাইজৰ আয়োজন কৰিছিল । অংগদে এই আশ্চৰ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু নেহাক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Malaika Arora Instagram Story)

অংগদ বেদীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত নেহা ধুপীয়াৰ সৈতে ফটো পোষ্ট কৰি কেপশ্যনত ৰঙা হৃদয়ৰ ইম’জীৰে সৈতে লিখিছে, “আমাৰ ধুনীয়া সন্তানৰ মাকলৈ, গৃহকৰ্মীলৈ, একেলগে সকলোকে সামৰি ৰখাগৰাকীলৈ, সেই অসাধাৰণ মহিলাগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনালো । বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ধুনীয়া নাৰীগৰাকীলৈ, তোমাক ভাল পাওঁ ।”

কৰীণা কাপুৰ খানৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Kareena kapoor Khan Instagram Story)

পোষ্টটোৰ প্ৰথম ফটোখনত অংগদ আৰু নেহাই সুখী দম্পতীৰ আভাস দিছে । এই দম্পতীয়ে কেমেৰাৰ সন্মুখত ৰোমান্টিকভাৱে পোজ দিয়া দেখা গৈছে । ফটোসমূহত তেওঁলোকৰ মুখৰ হাঁহিয়ে ফুটাই তুলিছে তেওঁৰ মনৰ সুখ ৷

পোষ্টটোৰ শেষত, অংগদে এটা ক্লিপ যোগ দিছে য'ত তেওঁক মাজনিশা শ্ৰীমতী বেদীৰ বাবে জন্মদিনৰ গান গাই থকা শুনা গৈছে । ইয়াৰ পূৰ্বে অংগদে তেওঁৰ শ্ৰীমতীৰ জন্মদিন সপ্তাহৰ এক আভাস দিছিল ।

আন তাৰকাসকলেও জনাইছে জন্মদিনৰ শুভেচ্ছা

কৰীণা কাপুৰ আৰু মলাইকা অৰোৰাইও নেহাক জন্মদিনৰ শুভেচ্ছা জনাইছে । কৰীণা কাপুৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নেহা ধুপীয়াৰ একৰঙী ফটো পোষ্ট কৰি কেপশ্যনত লিখিছে, “হেপি বাৰ্থডে, গুৰিক’ কি মা । তোমাক ভাল পাওঁ ।” একে সময়তে মালাইকা অৰোৰাইও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো পোষ্ট কৰি লিখিছে, “হেপি বাৰ্থডে ডিয়াৰ নেহ । বহুত মৰম আৰু সুখ ।” শিল্পা শ্বেট্টী, ৰকুল প্ৰীত সিং, জেকী ভগনানী, দিয়া মিৰ্জাকে ধৰি বহু তাৰকাই নেহা ধুপিয়াক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক :কন্যাৰ সৈতে প্ৰথমটো জন্মাষ্টমী উদযাপন কৰিলে ৰাম-উপাসনাই - Ram Charan Upasana Janmashtami

ABOUT THE AUTHOR

...view details