ETV Bharat / bharat

১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন: শান্তিপূৰ্ণভাৱে চলিছে ভোটদান - JK ASSEMBLY POLLS

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 10:12 AM IST

Updated : Sep 18, 2024, 10:43 AM IST

Jammu and Kashmir Assembly election 2024: অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে আৰু বিগত ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন ৷ কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । কাশ্মীৰৰ ১৬খন আৰু জম্মুৰ ৮খন বিধানসভা আসনত শান্তিপূৰ্ণ ভোটদান চলি আছে । বহু ভোটকেন্দ্ৰত দেখা গ’ল ভোটাৰৰ দীঘলীয়া শাৰী ।

Jammu and Kashmir Assembly election 2024
জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান (PTI)

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ: কটকটীয়া নিৰাপত্তাৰ মাজতে আজি জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । কেন্দ্ৰীয় শাসিত অঞ্চলটোত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যাপক ব্যৱস্থা কৰিছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান সন্ধিয়া ৬ বজাত শেষ হ’ব । সকলো স্পৰ্শকাতৰ অঞ্চলৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৩.২৭ লাখৰো অধিক ভোটাৰে আজি ২৪টা বিধানসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৯০ জন নিৰ্দলীয়কে ধৰি ২১৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷

Jammu and Kashmir Assembly election 2024
জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান (ETV Bharat)

এই পৰ্যায়ত জম্মু-কাশ্মীৰৰ সাতখন জিলাৰ ২৪খন বিধানসভাৰ আসনত ভোটদান চলি আছে । প্ৰথম পৰ্যায়ত ২১৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । কাশ্মীৰ সংমণ্ডলৰ ১৬টা সমষ্টি ক্ৰমে পাম্পোৰ, তৰাল, পুলৱামা, ৰাজপোৰা, জৈনপোৰা, শ্বোপিয়ান, ডি এইচ পোৰা, কুলগাম, দেৱছাৰ, দুৰু, কোকেৰনাগ (এছ টি), অনন্তনাগ পশ্চিম, অনন্তনাগ, শ্ৰীগুফৱাৰা-বিজবেহাৰা, শ্বাংগাস-অনন্তনাগ ইষ্ট আৰু পহলগাম আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে জম্মু সংমণ্ডলত আঠটা সমষ্টি ক্ৰমে ইন্দৰৱাল, কিষ্টৱাৰ, পদ্দাৰ-নাগাসেনী, ভাদেৰৱাহ, ডোডা, ডোডা পশ্চিম, ৰামবন আৰু বানিহালত ভোটদান চলি আছে ।

জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আৰু বিগত ১০ বছৰৰ পাছত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন ৷ ২০১৪ চনৰ নিৰ্বাচনত জম্মু-কাশ্মীৰ এখন ৰাজ্য আছিল । বিজেপি আৰু পিডিপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছিল । কিন্তু ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া ৩৭০ অনুচ্ছেদ বাতিল কৰি পূৰ্বৰ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰিলে ।

আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) কাশ্মীৰ ভি কে বৰ্ডীয়ে জনসাধাৰণক আশ্বাস দিয়ে যে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । মঙলবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "সকলো ভোটগ্ৰহণ কেন্দ্ৰ সামৰি লোৱা হৈছে । আন্তঃৰাজ্যিক আৰু আন্তঃজিলা পৰ্যায়ত বিশেষ নাকা (চেকপোষ্ট) স্থাপন কৰা হৈছে আৰু নিশা টহলো চলি আছে ।"

ৰাইজক ভোট দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক বিশেষকৈ যুৱ ভোটাৰসকলক বিধানসভা নিৰ্বাচনত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । ছ’চিয়েল মিডিয়া X ত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰথম পৰ্যায়ৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত বৃহৎ সংখ্যক ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনালোঁ । বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক মই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো ।"

লগতে পঢ়ক: বৰফৰ সুউচ্চ পৰ্বতত বিশ্বৰ সৰ্বোচ্চ ভোটকেন্দ্ৰত ভোটদান - lok sabha election 2024

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং কৰাসকল কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে : জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

Last Updated : Sep 18, 2024, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.