ETV Bharat / entertainment

ছত্তীশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত উজ্জ্বলিল অসমীয়া সংস্কৃতি - Chakradhar samaroh festival

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 5:55 PM IST

Sattriya dancer Mridusmita Das Bora: ছত্তীশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন ৷

sattriya dancer Mridusmita Das Bora performs sattriya with rajib das at chakradhar samaroh festival of chhattisgarh
সত্ৰীয়া নৃত্য শিল্পী (Mridusmita Das Bora PR Handout)

গুৱাহাটী, 17 ছেপ্টেম্বৰ : বিশিষ্ট সংগীতজ্ঞ, নৃত্য বিশাৰদ মহাৰজা চক্ৰধৰ সিংহৰ সোঁৱৰণত ছত্তীশগড়ৰ ৰায়গড়ত বিগত কেইবাবছৰো ধৰি উদযাপিত হৈ আহিছে বাৰেৰহণীয়া কলা-সংস্কৃতিৰে সমৃদ্ধ দেশৰ ভিতৰতে প্রসিদ্ধ চক্ৰধৰ সমৰোহ । গণেশ চতুর্থীৰ পবিত্ৰ দিনটোৰ পৰা ৰায়গড়ৰ ৰামলীলা ময়দানত 10 দিনীয়াকৈ অনুষ্ঠিত হয় 39 সংখ্যক চক্ৰধৰ সমৰোহ । উক্ত সমাৰোহত ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ স্বনামধন্য পদ্ম বিভূষণ, পদ্মশ্রী খ্যাত বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহান শিল্পীসকলে প্রদর্শন কৰে তেওঁলোকৰ কলা-কীর্তি ।

অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন (Mridusmita Das Bora PR Handout)

সমাৰোহত ভাৰত নাট্যম, কথক, মোহিনী আট্টম, কুচিপুড়ি, মণিপুৰী, ওডিচি, নৃত্যৰ বিশিষ্ট শিল্পীসকলৰ উপৰিও এইবাৰ পোন প্ৰথমবাৰৰ বাবে অসমৰ সত্রীয়া নৃত্য প্ৰদৰ্শিত হয় ৷ ইয়াৰ লগতে লোক সংগীত আৰু বাদ্যযন্ত্রী বিশাৰদ সকলেও প্ৰদৰ্শন কৰে তেওঁলোকৰ গায়ন আৰু বায়ন শৈলী । আনহাতে অসমৰ বিহুও এইবাৰৰ সমাৰোহত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে, অসমৰ কৃষ্টি প্ৰদৰ্শনৰ বাট মোকলাই দিয়াৰ বাবে ছত্তীশগড় ৰাজ্যত কৰ্মৰত অসমৰ সু-সন্তান আই এ এছ বিষয়া সোণমণি বৰাৰ প্ৰচেষ্টাত উক্ত অনুষ্ঠানত অসমৰ সংস্কৃতিয়ে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয় ।

‘চক্ৰধৰ সমাৰোহ’ অনুষ্ঠানত অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰণ কৰা হৈছিল সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাসক । তেওঁক সহযোগ কৰে আন এগৰাকী নিপুণ সত্ৰীয়া নৃত্য শিল্পী ৰাজীৱ দাসে । দুয়োগৰাকী শিল্পীয়ে 13 ছেপ্টেম্বৰ দিনা সন্ধিয়া প্ৰায় 40 মিনিট সময় নান্দনিক ৰূপত প্ৰদৰ্শন কৰে সত্ৰীয়া নৃত্য । এইবাৰৰ সমাৰোহত অংশগ্ৰহণ কৰা বিশিষ্ট শিল্পীসকলৰ ভিতৰত উপস্থিত থাকে নৃত্য পটিয়সী তথা সাংসদ হেমা মালিনী, কবি কুমাৰ বিশ্বাস, পদ্মশ্রী দেবযানী, মীনাক্ষী শেষাদ্রী, ভূপেন্দ্ৰ বেৰধ, পূর্ণাশ্রী বার্ডত, দ্বীপান্বিতা সৰকাৰ, পদ্মশ্ৰী ৰঞ্জনা গৌহৰ, ৰাকেশ চৌৰচিয়া, তপচিৰ মহম্মদ, ৰাহুল শর্মা ইত্যাদি ।

লগতে পঢ়ক : পোন প্ৰথমবাৰৰ বাবে মঞ্চস্থ হ’ব পৃথু - Historical drama Prithu

অসমীয়া নাৰীয়ে প্ৰথমবাৰৰ বাবে অভিনয় কৰা ঐতিহাসিক মঞ্চখনৰ বিষয়ে জানেনে ? - DOOM DOOMA ASOMIYA NATYA MANDIR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.