ETV Bharat / state

জিৰিবামত অপহৃত মেইটেই সম্প্ৰদায়ৰ শিশু-মহিলাসহ ৯ টা মৃতদেহ চমজি ল'লে পৰিয়ালৰ সদস্যই - MANIPUR CRISIS

৯ টাকৈ মৃতদেহ চমজি ল'লে মেইটেই লোকসকলে। ১১ নৱেম্বৰত মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা ৬ গৰাকী মেইটেই শিশু-মহিলাক অপহৰণ কৰিছিল কুকি উগ্ৰপন্থীয়ে ।

Nine dead bodies received  by the meitei people in Silchar
শিশু আৰু মহিলাসহ ৯ টা মৃতদেহ চমজি ল'লে পৰিয়ালে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 5:27 PM IST

শিলচৰ: জিৰিবামৰ জাকুৰাডহৰৰ ৬ মেইটেই শিশু আৰু মহিলাসহ মুঠ ৯ টা মৃতদেহ শিলচৰ মেডিকেল কলেজৰ পৰা চমজি ল'লে মেইটেই লোকসকলে । মৃতদেহ সমজি কুকি সকলক ৰাক্ষসৰ লগত তুলনা মেইটেইসকলৰ । যোৱা ১১ নৱেম্বৰত মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা ৬ গৰাকী মেইটেই শিশু মহিলাক অপহৰণ কৰি লৈ গৈছিল কুকি উগ্ৰপন্থীসকলে । ঘটনাৰ পাঁচদিন পাছত বৰাক নৈ পৰা উদ্ধাৰ হৈছিল ৬ গৰাকী মেইটেই শিশু মহিলাৰ মৃতদেহ ।

এই ৬ মেইটেই শিশু মহিলাৰ মৃতদেহ উদ্ধাৰ পাছত সমগ্ৰ মণিপুৰত সৃষ্টি হয় এক অগ্নিগৰ্ভা পৰিস্থিতিৰ । হত্যাৰ প্ৰতিবাদত মণিপুৰত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি গঢ়ি তুলিছিল মেইটেইসকলে । ইপিনে এই ৬ মেইটেই শিশু মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ অনা হৈছিল শিলচৰ মেডিকেল কলেজত । আজি তিনিদিন পাছত ৬ শিশু মহিলাৰ মৃতদেহ শিলচৰ মেডিকেল কলেজৰ পৰা সমজি লয় পৰিয়ালৰ লোকসকলে ।

শিশু আৰু মহিলাসহ ৯ টা মৃতদেহ চমজি ল'লে পৰিয়ালে (ETV Bharat Assam)

শিলচৰ মেডিকেল কলেজৰ পৰা মৃতদেহ কেইটা চমজি লৈ পৰিয়াল লোকসহ মেইটেই সম্প্ৰদায়ৰ লোকসকলে লৈ যায় মণিপুৰৰ জিৰিবামত । পুৱা মৃতদেহ চমজি লোৱাৰ সময় শিলচৰ মেডিকেল কলেজত উপস্থিত হয় পৰিয়ালৰ লোকসহ কাছাৰৰ মেইটেই লোকসকল । মৃতদেহ সমজি লৈ পৰিয়ালৰ লোক সহ মেইটেই লোকে কেন্দ্ৰ তথা মণিপুৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে মণিপুৰ যোৱা দেৰ বছৰৰ পৰা জ্বলি আছে আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰি আছে ।

তেওঁলোকে কান্দি কান্দি কয় যে কুকি লোকসকল ৰাক্ষস । ৰাক্ষসৰ দৰে শিশু আৰু মহিলাক অতি নিৰ্মমকৈ হত্যা কৰি আছে কুকি উগ্ৰপন্থীয়ে । শীঘ্ৰেই হত্যাকাৰী কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰ তথা মণিপুৰ চৰকাৰে মেইটেই লোকসকল ন্যায় দিব লাগে বুলি শিলচৰ মেডিকেল কলেজত থিয় হৈ দাবী জনায় মেইটেই লোক সকলে ।

আনহাতে আজি ৬ গৰাকী শিশু-মহিলাৰ মৃতদেহ সহ মোট ৯জন মেইটেই লোকৰ মৃতদেহ শিলচৰ মেডিকেল কলেজৰ পৰা চমজি লৈছে মেইটেই লোকে । যোৱা কেইদিন পূৰ্বে জিৰিবামত কুকি উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা দুই মেইটেই লোক সহ জিৰিবামত আৰক্ষীৰ গুলীত মৃত্যু হোৱা এক মেইটেই প্ৰতিবাদকাৰীৰ মৃতদেহ আজি শিলচৰ মেডিকেল কলেজৰ পৰা চমজি লয় মেইটেই লোকে ।

লগতে পঢ়ক: বিজুদা অবিহনে পাৰ হৈ গ’ল ৭টা বৰ্ষ ! আজি তেওঁৰ পত্নীৰে দৃষ্টিৰে চাও আহক মহানায়কগৰাকীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.