ETV Bharat / entertainment

শ্বাহৰুখক পিছ পেলাই আগবাঢ়িল শ্ৰদ্ধা, কিহৰ দৌৰ এয়া ? - Stree 2 beats Jawan

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 6:03 PM IST

Stree 2 beats Jawan : শ্ৰদ্ধা কাপুৰৰ ছবি স্ত্ৰী 2 য়ে ঘৰুৱা বক্স অফিচত শ্বাহৰুখ খানৰ ছবি 'জোৱান'ক চেৰ পেলাইছে আৰু স্ত্ৰী 2 ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হৈ পৰিছে ।

Stree 2 beats Jawan at domestic Box Office Shraddha Kapoor film becomes highest grossing of indian Cinema
শ্ৰদ্ধা কাপুৰ-শ্বাহৰুখ খান (Movie Poster)

চিটাৰা ডেস্ক, 17 ছেপ্টেম্বৰ : স্ত্ৰী 2 য়ে এতিয়া বক্স অফিচত শ্বাহৰুখ খানৰ বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি 'জোৱান'ক অতিক্ৰম কৰিছে । স্ত্ৰী 2 য়ে ঘৰুৱা বক্স অফিচত এই সউলতা অৰ্জন কৰিছে । স্ত্ৰী 2 য়ে 2023 চনত মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি 'জোৱান'ৰ ঘৰুৱা মুঠ উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে । বাতৰি অনুসৰি, স্ত্ৰী 2 এতিয়া ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হৈ পৰিছে ।

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত ভৌতিক কৌতুক চলচ্চিত্ৰ স্ত্ৰী 2 আগষ্টৰ 15 তাৰিখে মুক্তি লাভ কৰে । ছবিখনে ঘৰুৱা বক্স অফিচত 60 কোটিতকৈয়ো অধিক উপাৰ্জনেৰে ইয়াৰ বাট মুকলি কৰিছিল । স্ত্ৰী 2 য়ে বিশ্বব্যাপী বক্স অফিচত 800 কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । ছ'চিয়েল মিডিয়াত এতিয়া চৰ্চা চলিছে যে স্ত্ৰী 2 য়ে এতিয়া জোৱানৰ জীৱনজোৰা 583 কোটি টকাৰ সংগ্ৰহক পৰাস্ত কৰি 583.30 কোটি টকা উপাৰ্জন কৰিছে ।

এই সফলতাৰ পিছতে স্ত্ৰী 2 ঘৰুৱা বক্স অফিচত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হৈ পৰিছে । জোৱানে ভাৰতৰ সকলো ভাষাত 640.25 কোটি টকা আৰু হিন্দী ভাষাত 582.31 কোটি টকা উপাৰ্জন কৰিছিল । জোৱানৰ বিশ্বব্যাপী সংগ্ৰহ হৈছে 1160 কোটি টকা ।

আনহাতে 33 সংখ্যক দিনত ছবিখনৰ ঘৰুৱা মুঠ সংগ্ৰহ হৈছে 665.75 কোটি টকা । ছবিখনে বিদেশত 130 কোটি টকা উপাৰ্জন কৰিছে । স্ত্ৰী 2 য়ে 33 সংখ্যক দিনটোত 4 কোটি টকা উপাৰ্জন কৰিছে । একে সময়তে, জোৱানে 33 সংখ্যক দিনটোত 85 লাখ টকাৰ ব্যৱসায় কৰিছিল ।

ঘৰুৱা সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষত থকা চলচ্চিত্ৰ

1. স্ত্ৰী 2 - 583.30 কোটি টকা

2. জোৱান - 583 কোটি টকা

3. এনিমেল - 556 কোটি টকা

4. পাঠান - 543.05 কোটি টকা

5. গদৰ 2 - 525.7 কোটি টকা

6. বাহুবলী 2 – 510.99 কোটি টকা

7. কেজিএফ 2 - 434.70 কোটি টকা

লগতে পঢ়ক : বলীউডৰ বাদশ্বাহৰ জীৱনত প্ৰভাৱ পেলোৱা উপন্যাসে সহায় কৰিব পাৰে আপোনাকো - Shah Rukh Khan Favourite Novel

যেতিয়াই মন যাব তেতিয়াই বিয়াত বহিব শ্ৰদ্ধা কাপুৰ - Shraddha Kapoor marriage plan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.