ETV Bharat / entertainment

পোন প্ৰথমবাৰৰ বাবে মঞ্চস্থ হ’ব পৃথু - Historical drama Prithu

author img

By ETV Bharat Entertainment Team

Published : Sep 17, 2024, 2:28 PM IST

Historical drama Prithu: 1200 খ্ৰীষ্টাব্দৰ পৰা 1230 খ্ৰীষ্টাব্দলৈ তিনিবাৰকৈ কামৰূপৰ মাটিত খিলিজী সেনাক প্ৰত্যাহ্বান জনাই কামৰূপক বচোৱা বীৰ ‘পৃথু’ৰ কাহিনীৰ গাথাৰে শীঘ্ৰেই মঞ্চস্থ হ’ব নাট ‘পৃথু’ ।

Historical drama Prithu
নাটকৰ প্ৰস্তুতি (Photo : Kulendra Rai Choudhury)

গুৱাহাটী, 17 ছেপ্টেম্বৰ : কামৰূপলৈ আকৌ আহি আছে ‘পৃথু’ । 1200 খ্ৰীষ্টাব্দৰ পৰা 1230 খ্ৰীষ্টাব্দলৈকে তিনিবাৰকৈ কামৰূপৰ মাটিত খিলিজী সেনাক প্ৰত্যাহ্বান জনাই পৰাভূত কৰি কামৰূপক বচোৱা বীৰ ‘পৃথু’ৰ কাহিনী সকলোৰে অৱগত নহয় ৷ কিয়নো কামৰূপৰ বুৰঞ্জী বেছিকৈ উপলব্ধ নহয় ৷ পিছে ভাল কথাটো এয়া যে মানুহে এই বীৰজনাৰ বিষয়ে বহুত জানিব পাৰিব কিয়নো নাট ‘পৃথু’ মঞ্চস্থ হ’বলৈ গৈ আছে চলিত মাহতে ।

Historical drama Prithu
মঞ্চস্থ হ’ব ‘পৃথু’ (Photo : Kulendra Rai Choudhury)

পোন প্ৰথমবাৰৰ বাবে বুৰঞ্জীৰ বুকুৰ এই কাহিনীৰে গ্ৰীণহাউচ প্ৰডাকশ্যনৰ বেনাৰত চলিত মাহৰ 22 ছেপ্টেম্বৰত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব নাটখন । 22 ছেপ্টেম্বৰৰ দিনা সন্ধিয়া 6 বজাত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নাটখন মঞ্চস্থ কৰা হ’ব ।

Historical drama Prithu
কামৰূপক বচোৱা বীৰ ‘পৃথু’ৰ কাহিনীৰ আধাৰত নাটক মঞ্চস্থ কৰাৰ প্ৰস্তুতি (Photo : Kulendra Rai Choudhury)

নাটখনৰ ৰচনা হিল্লোল কুমাৰ পাঠকৰ, আনহাতে পৰিকল্পনা কুমাৰেশ দত্তৰ আৰু পৰিচালনা কুলেন্দ্ৰ ৰায়চৌধুৰীৰ । নাটখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে জনাই, ‘অসমীয়া জাতি আৰু জাতি সত্তাৰ চিৰ প্ৰৱাহমান সন্ত্ৰাস আৰু পৰিত্ৰাণৰ নায়ক আছিল মহাৰাজ পৃথু । ইতিহাসৰ অটল গহ্ববৰত লুকাই থকা এই বীৰ জনাৰ ত্যাগ আৰু বুদ্ধিমত্তাৰ জয় গানেৰে আমাৰ নাট্য নিবেদন "পৃথু" মঞ্চস্থ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে । নাটখনৰ যোগেৰে ইতিহাসত হেৰাই যোৱা এক অধ্যায় মহাবীৰ ‘পৃথু’ৰ সন্দৰ্ভত আমি ৰাইজক বাৰ্তা প্ৰদান কৰা এক ক্ষুদ্ৰ প্ৰয়াস কৰিছো । 22 তাৰিখে সকলো নাট্যপ্ৰেমী ৰাইজ কলাক্ষেত্রলৈ আহি আমাক উৎসাহিত কৰে যেন ।’

আনহাতে নাটকখনত অভিনয় কৰিব চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ভৱেশ দাস, বৰলা কাই ধাৰাবাহিকৰ বুদ্ধেশ্বৰ খ্যাত নৱ বৰুৱা, ভ্ৰাম্যমাণ নাট্যজগতৰ দুগৰাকী জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ক্ৰমে-মুনমী ফুকন, অন্বেষা প্ৰিয়দৰ্শিনী, কুমাৰেশ দত্ত, জয়ন্তজিত দাস, জ্যোতিস্মান কাশ্যপ, গৌৰৱ বৰা,অ মৃত প্ৰাণ, কৃষ্ণা কাঞ্চন, নিজৰা নমামি আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । নাটখনকলৈ এতিয়া পূৰ্ণগতিত আখৰা চলি আছে ।

ইফালে অহা 30 ছেপ্টেম্বৰ তাৰিখে একেটা প্ৰেক্ষাগৃহতে মঞ্চস্থ কৰা হ’ব ‘পৃথু’ৰ জীৱন তথা বীৰ পৰিক্ৰমাৰ আধাৰিত আন এখন নাট ‘মহাবীৰ পৃথু’ । অতিকম দিনৰ ভিতৰতে মহাবীৰ গৰাকীৰ বীৰ পৰিক্ৰমাৰ আধাৰত দুখনকৈ নাট মঞ্চস্থ হোৱাৰ খবৰে এতিয়া উৎসাহিত কৰিছ সমূহ নাট্যপ্ৰেমী ৰাইজক ।

লগতে পঢ়ক : ইতিহাসধৰ্মী নাট মহাবীৰ পৃথু মঞ্চস্থ কৰিবলৈ সাজু হৈছে এজাক নাট্যপ্ৰেমী - Historical drama Mahaveer Prithu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.