গুৱাহাটী :গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু NEZCC ( উত্তৰপূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ)ৰ সহযোগত অহা ১৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে প্ৰদৰ্শন কৰিব ‘গান্ধাৰীৰ অভিশাপ’ শীৰ্ষক ভাওনা । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাওনা প্ৰদৰ্শনৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকৰ্মী তথা আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাস, অধ্যাপক তথা লোক-সংস্কৃতিৰ গৱেষক ড৹ দ্বীপেন দাস, প্ৰেছ ক্লাবৰ উপ-সভাপতি অলকা বৰুৱা, বিশিষ্ট সাংস্কৃতিক সাংবাদিক, আমাৰ অসম কাকতৰ জেষ্ঠ উপ-সম্পাদক মণ্টু শইকীয়া, প্ৰথম খবৰৰ কাৰ্যবাহী সঞ্চালক দিগন্ত মাধৱ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
ভাওনাৰখনৰ সন্দৰ্ভত মন্তব্য কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰাই কয়, “২০২৩ বর্ষ কাৰ্যকালৰ মোৰ এইটো শেষৰটো অনুষ্ঠান ৷ গুৱাহাটীৰ প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকসকলক লৈ এখন ভাওনা কৰাৰ মোৰ সপোন আছিল । সেইমৰ্মে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলক লগত লৈ ‘গান্ধাৰীৰ অভিশাপ’ শীৰ্ষক ভাওনাখন মঞ্চস্থ কৰাৰ সিদ্ধান্ত ললো । আজি ভাওনাখনৰ নাম, দিন আৰু স্থান ঘোষণা কৰিলো । ভাওনাখনত মুঠ চৰিত্ৰ ১৬ টা চৰিত্ৰ থাকিব, ইয়াৰে পুৰুষৰ ১২ টা চৰিত্ৰ আৰু মহিলাৰ ৪ টা চৰিত্ৰ ।”