গুৱাহাটী:বুধবাৰৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে বুধবাৰে প্ৰদৰ্শন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্ৰশংসিত ডমিনিক চাংমা পৰিচালিত গাৰো ভাষাৰ ছবি 'ৰেপচাৰ'। এইখন ছবি কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ শ্ব' হৈছিল ।
আজিৰে পৰা ১৬ ডিচেম্বৰলৈ ৬ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে এই মহোৎসৱ । চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্না, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত ৰাহুল চন্দ্ৰ দাস, প্ৰযোজক ইভা গুৰ্মে মাকৰাৰ লগতে আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত৷ এইবাৰ এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ১৮ খন পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । এই কথা প্ৰকাশ কৰে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই ।
লগতে এই চলচ্চিত্ৰ মহোৎসৱত কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জার্মানী, কাজাখাস্তান আৰু ভাৰতৰ হিন্দী, তামিল, বাংলা আৰু অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । ইফালে নৱজ্যোতি বৰাই পৰিচালনা কৰা অসমীয়া ছবি 'মজলি'ৰ এই মহোৎসৱত প্ৰিমিয়াৰ শ্ব' হ'ব । ছবিখনৰ মুঠ সময় ১০২ মিনিট । পাৰভেজ আহমেদে পৰিচালনা কৰা 'ইতি তোমাৰ' নামৰ অসমীয়া ভাষাৰ আন এখন ছবিও এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব ।