গুৱাহাটী, ১১ ফেব্ৰুৱাৰী :শিল্প, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনক একেলগে একেখন মঞ্চত তুলি ধৰাৰ বৰ্ণিল প্ৰয়াসেৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব অসম লিটআৰ্ট ফেষ্টিভেলৰ প্ৰথম সংস্কৰণ । অহা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত এই মহোৎসৱটি অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে লিটআৰ্ট ফাউণ্ডেচনে ।
দুদিনীয়া মহোৎসৱটিত অসম তথা সমগ্ৰ দেশৰে সাহিত্য, শিল্প, সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বলীউডৰ একশ্যন পৰিচালক শ্যাম কৌশলেও অংশগ্ৰহণ কৰিব । লগতে এই মহোৎসৱত কণ্ঠশিল্পী জুবিন গাৰ্গ, জয় বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনৰ দৰে অসমৰ শিপা খামুচি থকা বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰি অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব ।
অসম লিটআৰ্ট ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক তথা পৰিচালক প্ৰয়াসী বৰুৱাই কয়, "অসম লিটআৰ্ট ফেষ্টিভেলৰ লক্ষ্য হৈছে অসমৰ সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলক একত্ৰিতভাৱে সমগ্ৰ দেশৰ শিল্পকৰ্মীসকলৰ সৈতে সংযোজিত কৰি ধাৰণা বিনিময় আৰু সহযোগিতাৰ এক মঞ্চ আৰু স্থান সৃষ্টি কৰা । আমাৰ বাবে আনন্দদায়ক কথাটো হ'ল-সাহিত্য, শিল্প, চলচ্চিত্ৰ নিৰ্মাণ, সংগীত আৰু শিল্পকৰ্মক একেখন মঞ্চতে উদযাপন কৰা দেশৰ এইটোৱেই হৈছে প্ৰথম আৰু একমাত্ৰ উৎসৱ ।"