চিটাৰা ডেস্ক, 17 অক্টোবৰ : ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ মুকুট মধ্য প্ৰদেশৰ নিকিতা পৰৱাল শিৰত সুশোভিত হৈছে । নিকিতা পৰৱালক মিছ ইণ্ডিয়া 2023 নন্দিনী গুপ্তাই মুকুট পিন্ধায় । নিকিতা পৰৱালে এতিয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব । নিকিতা মধ্য প্ৰদেশৰ মহাকাল চহৰ উজ্জয়িনীৰ বাসিন্দা ।
মিছ ইণ্ডিয়া নিকিতা এগৰাকী অভিনেত্ৰীৰ ডাঙৰ অনুৰাগী ৷ ভাৰতৰ প্ৰথম মিছ ৱৰ্ল্ড আৰু বলীউডৰ প্ৰবীণ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক খু ভাল পাই নিকিতাই । উল্লেখ্য যে, ঐশ্বৰ্য ৰায়ে প্ৰথমবাৰৰ বাবে 1994 চনত ভাৰতত মিছ ৱৰ্ল্ড খিতাপ জিকিছিল । ভাৰতৰ পৰা বৰ্তমানলৈকে 6 গৰাকীয়ে মিছ ৱৰ্ল্ড খিতাপ জিকিছে । এতিয়া গোটেই দেশৰ চকু নিকিতা পৰৱালৰ ওপৰত স্থিৰ হৈ আছে ।
ঐশ্বৰ্য ৰায়ৰ অনুৰাগী নিকিতা পৰৱাল
তাৎপৰ্যপূৰ্ণভাৱে, নিকিতা পৰৱালে প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়ৰ জীৱনশৈলী পছন্দ কৰে । নিকিতাই ঐশ্বৰ্যৰ দৰে জীৱন যাপন কৰিব বিচাৰে । মন কৰিবলগীয়া যে নিকিতাৰ 2.15 ঘণ্টাৰ প্ৰথম ফিছাৰ ছবি ‘চম্বল পাৰ’ মুক্তিৰ বাবে সাজু, যাৰ ট্ৰেইলাৰ 9 আগষ্টত মুক্তি দিয়া হৈছিল । এই চলচ্চিত্ৰখনত সামাজিক ৰীতি-নীতি আৰু সংস্কৃতিৰ শোষণৰ বিষয়ে উপস্থাপন কৰা হৈছে । ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছে সঞ্জীৱ ৰাজসিংহ পাৰমাৰ আৰু দেৱেন্দ্ৰ সিং পাৰমাৰে । ছবিখন 2024 চনৰ শেষলৈ মুক্তি দিয়া হ’ব ।