গুৱাহাটী, 11 জুন: সমাজৰ প্ৰতিটো প্ৰান্ততে এগৰাকীকৈ কুকি থাকে ৷ যিয়ে প্ৰতিটো মুহূৰ্ততে সমাজ আৰু পৰিস্থিতিৰ সৈতে সংঘৰ্ষ কৰিব লাগে ৷ এনে এক কাহিনীৰে অহা ২৮ জুনত ছবিগৃহলৈ আহি আছে নতুন হিন্দী ছবি কুকি ৷
কুকিৰ পৰিচালক তথা অভিনেত্ৰীৰ সৈতে বিশেষ সাক্ষাৎকাৰ (Etv Bharat) আহিবলগীয়া নতুন ছবিসমূহৰ ভিতৰত শেহতীয়াকৈ এখন হিন্দী ছবিয়ে বৰ্তমান বিশেষভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ পটভূমিত নিৰ্মাণ কৰা এই হিন্দী ছবিখনৰ পৰিচালনা তথা ছবিখনত অভিনয় কৰিছে অসমৰ এদল শিল্পীয়ে ৷ ছবিখনৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান প্ৰণৱ জে ডেকাই আৰু প্ৰযোজনা কৰিছে ড° জোনমণি দেৱী খাউণ্ডে ৷
ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক প্ৰণৱ জে ডেকাই কয়, "এক বাস্তৱ কাহিনীৰ ভিত্তি কৰি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ছবিখনৰ নিৰ্মাণ কৰিবলৈ যাওঁতে আমি বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীনো হ'বলগীয়া হৈছে ৷ অহা ২৮ জুন তাৰিখে ছবিখন দেশৰ ১০০টা ছবিগৃহত মুক্তিলাভ কৰিব ৷ তদুপৰি মুক্তিৰ কেইসপ্তাহৰ পিচত USAকে ধৰি বাহিৰৰ কেইখনমান দেশতো ছবিখনক মুক্তি দিয়া হ'ব ৷ আশা কৰোঁ ছবিখন চাই দৰ্শকে ভাল পাব ৷"
লগতে পঢ়ক:"প্ৰেম সংকোচন নেহী, প্ৰেম বিস্তাৰ হে" প্ৰেমৰ বাৰ্তাৰে শীঘ্ৰেই আহি আছে কুকি - Kooki hindi movie
ইফালে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ৰিতিশা খাউণ্ডে মন্তব্য কৰি কয়,'কুকিৰ লগত যিবোৰ ঘটনা ঘটিছে সেইটো আচলতে সমাজত ঘটি আছে ৷ মই যেতিয়া ছবিখনত অভিনয় কৰি আছিলো তেতিয়া চৰিত্ৰটোৰ মাজত মই সোমাই পৰিছিলো ৷ ছবিখনৰ এটা শ্বটৰ পাচত এঘণ্টা ধৰি মই কান্দিছিলো ৷ কাৰণ বৰ্তমান সময়তো সমাজৰ প্ৰতিটো প্ৰান্ততে এগৰাকীকৈ কুকি আছে ৷"
উল্লেখযোগ্য যে, আহিবলগীয়া এই ছবিখনত অভিনয় কৰিছে ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, ৰিতু, শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা, ৰঞ্জীৱ লাল বৰা, মনোজ বৰকটকী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ আদিকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷ ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ৷
লগতে পঢ়ক:মুক্তি পালে ‘কুকি’ৰ টীজাৰ আৰু ট্ৰেইলাৰ - Kooki hindi movie