অসম

assam

By ETV Bharat Entertainment Team

Published : 4 hours ago

ETV Bharat / entertainment

তেওঁৰ শাৰীৰিক গঠন কিছু সুকীয়া, সেইবাবেই অনাদৃত হৈ আছিল সমাজত - Actor Debasish Bhuyan

Viral Debasish Bhuyan: হাতৰ পাঁচটা আঙুলি যেনেকৈ সমান নহয়, ঠিক তেনেদৰে এই পৃথিৱীখনৰো কোনো মানুহ সমান নহয় আৰু এই সমান শব্দটো এগৰাকী ব্যক্তিৰ শাৰীৰিক অৱয়বৰ পৰা আৰম্ভ কৰি শৰীৰৰ ৰং, চুলি, চেহেৰা সকলোতে খাপ খায় ৷ বিভিন্নজনৰ বহু প্ৰতিবন্ধকতা থকা সত্বেও জীয়াই থকাৰ ইচ্ছা, সপোন পূৰণৰ হাবিয়াস সকলোৰে থাকে । তেনে এগৰাকী ব্যক্তিৰ কাহিনী আজি আপোনালোকলৈ আগবঢ়াইছো । নাম দেৱাশীষ ভূঞা । দেখাত কিছু পৃথক যেন লগা 30 বছৰীয়া দেৱাশীষে শেহতীয়াকৈ অভিনয় কৰিছে আহিবলগীয়া নতুন অসমীয়া ছবি ‘কেচটো নগেন’ ত । দেৱাশীষ কেনেদৰে অভিনয় জগতৰ লগত জড়িত হৈ পৰিল জানো আহক-

etv bharat exclusive interview with upcoming assamese movie CASE TU NAGEN actor Debasish Bhuyan
দেৱাশীষ ভূঞা (ETV Bharat Assam)

গুৱাহাটী, 2 অক্টোবৰ :আজি কিছুদিনৰ পৰা সমাজিক মাধ্যম নাইবা টিভিৰ পৰ্দাত দেখি থকা এগৰাকী ব্যক্তি । নাম দেৱাশীষ ভূঞা । দেৱাশীষক দেখিলে আপুনি অনুমান কৰিব নোৱাৰিব তেওঁৰ প্ৰকৃত বয়স । দেখাত পৃথক যেন লগা 30 বছৰীয়া দেৱাশীষ বৰ্তমান কৰ্মৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত ডাটা এণ্ট্ৰী অপাৰেটৰ হিচাপে । আন দহজনৰ দৰে দেখাত একে নহ’লেও, শাৰিৰীক বাধা নেওচি দেৱাশীষে অব্যাহত ৰাখিছে তেওঁৰ জীৱন সংগ্ৰাম ।

বয়স অনুপাতে দেৱাশীষৰ উচ্চতা প্ৰায় চাৰি ফুট ৷ এগৰাকী 30 বছৰীয়া সাধাৰণ ব্যক্তিৰ দৰে দেৱাশীষেও চলাই গৈছে জীৱন সংগ্ৰাম । জীৱন যুদ্ধত হাৰ মানিব নোখোজা ব্যক্তিগৰাকীয়ে আন দহজনৰ দৰে পুৱাই কামলৈ ওলাই যায় । বিষাদ-বেদনাই কন্দুৱাই যদিও হাঁহি-মুখে সকলোকে সম্বোধন কৰে তেওঁ । জীৱন সম্পৰ্কত তেওঁৰ ধাৰণা বহু উচ্চ পৰ্যায়ৰ । অভিনয় কৰি ভাল পোৱা দেৱাশীষ ভূঞাই ছিগালৰ পৰা আৰম্ভ কৰিছিল অভিনয়ৰ প্ৰশিক্ষণ । কেইবাখনো নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা দেৱাশীষ ভূঞাই শেহতীয়াকৈ অভিনয় কৰিছে আগন্তুক বর্ষত আহিবলগীয়া নতুন অসমীয়া ছবি ‘কেচটো নগেন’ ত ।

অভিনেতা দেৱাশীষ ভূঞাৰে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত দেৱাশীষে জনালে তেওঁৰ সম্পৰ্কে বহু কথা ।

অভিনয়ৰ যাত্ৰা কেনেদৰে আৰম্ভ হ’ল দেৱাশীষৰ ?

এই সন্দৰ্ভত তেওঁ জনাই, “নাটক শিকাৰ দুই-তিনি বছৰমান হ’ল । প্ৰথমে দিব্যাংগ নাট্য বিদ্যালয় এখনত শিকিছিলো । তাৰ পাছত ছিগালত শিকিলো । মই কলেজত পঢ়ি থাকোতে মোৰ ছাৰ-বাইদেউসকলে মোক নাটক কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । ছাৰ-বাইদেউসকলৰ কথা মতে মই নাটক কৰিবলৈ ললো ।”

আহিবলগীয়া ছবি ‘কেচটো নগেন’ৰ সন্দৰ্ভত মন্তব্য ?

এই সন্দৰ্ভত তেওঁ কয়, “ছিগালত যেতিয়া নাটক শিকি আছিলো তাত বহুতৰে লগত চিনাকী হ’লো । তাতে এগৰাকী দাদাক মই কিবা ছবি আহিলে মোক জনাবলৈ কৈছিলো । তেনেদৰে সেই দাদাজনৰ জৰিয়তে মই ‘কেচটো নগেন’ ছবিখনৰ সৈতে জড়িত হ’লো । ছবিখনত মই এজন দুখীয়া ঘৰৰ ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছো ।”

উল্লেখ্য যে, ভৱিষ্যতলৈ সুযোগ পালে আৰু ছবিত অভিনয় কৰাৰ মন আছে দেৱাশীষৰ । অভিনয়ৰ লগতে ছবি আঁকিও ভাল পায় দেৱাশীষে ।

লগতে পঢ়ক :কেনেদৰে আৰম্ভ হৈছিল জয় কাশ্যপৰ সাংস্কৃতিক যাত্ৰা ? - Musician Joy Kashyap interview

ABOUT THE AUTHOR

...view details