গুৱাহাটী, 16 অক্টোবৰ :অহা 25 অক্টোবৰ তাৰিখে ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেঅছ’ । অসমৰ এক জ্বলন্ত সমস্যা, সত্ৰৰ মাটি বেদখলক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ এই সাক্ষাৎকাৰটোৰ জৰিয়তে সুন্দৰপুৰ কেঅছৰ কলা-কুশলীসকলে জনালে বহু কথা । এখন নিভাঁজ অসমীয়া ছবি দৰ্শকে উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে তেওঁলোকে ৷ আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ।
ছবিখন সন্দৰ্ভত পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ মন্তব্য
ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালক ঝুলন কৃষ্ণ মহন্তই কয়, “আমাৰ এটা কৌতুক আছে নহয় কাঁইটীয়া তাঁৰ পাৰ হৈ অহা কিমান দিন হ’ল, পিঠিৰ দাগ চাগে যোৱাই নাই ? তেনেকুৱাই ছবিখনত কিবা এটা আছে । আমি সাধাৰণ মানুহ । আমাৰ সাধাৰণ মানুহৰ ওপৰতো ৰাজনীতিৰ বহু প্ৰভাৱ পৰে । বেদখল এটা এনেকুৱা সমস্যা যিটোৰ সমাধান এতিয়াও ওলোৱা নাই । এতিয়াও মাটি ঠেলি ঠেলি মানুহ সোমায়ে আছে বুলি আমি অভিযোগ শুনো । এনেকুৱা এটা বিষয়বস্তুক লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ বিষয়বস্তু অতি প্ৰাসংগিক । সেয়ে আমি সকলোকে আহ্বান জনাইছো আহক ছবিখন চাওক ।”
এক আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)
অভিনেতা পাৰ্থ প্ৰতীম হাজৰিকাৰ ভাষ্য
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা পাৰ্থ প্ৰতীম হাজৰিকাই কয়, “কাঁইটীয়া তাঁৰ আৰু কিংকৰৰ মাজত কি সম্পৰ্ক আছে সেইটো জানিবলৈ দর্শক 25 অক্টোবৰত ছবিগৃহলৈ যাব লাগিব । যিখন দেশৰ মানুহে নিজৰ জাতিটোক লৈ, নিজৰ অৰ্থনীতিক লৈ সংগ্ৰাম কৰি আছে, তেনেকুৱা এখন দেশত যদি বাহিৰৰ পৰা বেলেগ মানুহ আহি সোমাই তেতিয়া কেনেকুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে তেনেকুৱা কথা লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে ।”