গুৱাহাটী : গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বাবে গুৱাহাটীত উপস্থিত হৈছে বিশিষ্ট পৰিচালক অনিৰ । পূৰ্বে বহুবাৰ অসমলৈ অহা পৰিচালকগৰাকীয়ে এইবাৰ অসমত উপস্থিত হৈ কৰিলে কিছু সুকীয়া অনুভৱ ৷
প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অনিৰে তেওঁৰ সাহসী আৰু যোগাত্মক দৃষ্টিভংগীৰে ভাৰতীয় ছবি জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । ভূটানত জন্মগ্রহণ কৰা অনিৰৰ প্ৰকৃত নাম অনিৰ্বাণ ধৰ । ২০০৫ চনত মুক্তি লাভ কৰা ছবি ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে ছবি জগতত এক নতুন চিন্তাধাৰাৰ সূচনা কৰে বিশিষ্ট পৰিচালকগৰাকীয়ে । ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অনিৰে LGBTQ+ ৰ অধিকাৰ, পৰিচয় আৰু তেওঁলোকৰ বাবে সামাজিক ন্যায়ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক চলচ্চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ ওলাই সদায় আগবাঢ়ি আহিছে ।
ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে পৰিচালক অনিৰৰ এক আছুতীয়া সাক্ষাৎকাৰ-
কেনেদৰে আৰম্ভ হৈছিল অনিৰৰ চলচিত্ৰ যাত্ৰা ?
অনিৰে কয়, “মোৰ জন্ম হৈছিল ভাৰতৰ চুবুৰীয়া দেশ ভূটানত । মোৰ মাৰ ছবিৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল । তেতিয়া আমাৰ সেই অঞ্চলত এটাই ছবিগৃহ আছিল । মোৰ মায়ে সদায় শনিবাৰ-দেওবাৰে মোক তালৈ ছবি দেখুৱাবলৈ লৈ গৈছিল । অষ্টম শ্ৰেণীত পঢ়ি থাকোতে শ্যাম বেনেগালৰ পৰিচালিত ছবি জুনুন (Junoon) চাইছিলো । সেই সময়ত সম্পূৰ্ণ ছবিখন মই বুজি পোৱা নাছিলো যদিও সেই দৃশ্য, সংগীত ইমানেই ভাল লাগিছিল যে মোৰ মনলৈ তেতিয়া আহিছিল এগৰাকী ছবি পৰিচালক হোৱাৰ কথা । স্কুলীয়া শিক্ষা শেষ কৰি যেতিয়া মই ভাৰতলৈ আহি যাদৱপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰো, তাত ফিল্মক্লাৱ আছিল আৰু সেই ফিল্মক্লাৱৰ লগত মই জড়িত হৈ পৰিলো । তাৰ পাছত মই জাৰ্মানীলৈ গৈ ছবিৰ ওপৰত অধ্যয়ন কৰাৰ বাবে এক বৃত্তি লাভ কৰো । জাৰ্মানীত অধ্যয়ন কৰি অহাৰ পাছত মই মুম্বাইত ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰো ।”
‘মাই ব্ৰাদাৰ... নিখিল’ৰ সন্দৰ্ভত অনিৰৰ মন্তব্য
অনিৰে বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল ‘মাই ব্ৰাদাৰ… নিখিল’ ছবিখনৰ জৰিয়তে । ছবিখন সন্দৰ্ভত তেওঁ কয়, “এই বৰ্ষত 'মাই ব্ৰাদাৰ… নিখিল' ছবিখনে ২০ বছৰত ভৰি দিলে । এতিয়াও মোক বহু লোকে ছবিখনৰ কথা কয় । এতিয়াও ছবিখন বহুত ঠাইত প্ৰদৰ্শন কৰা হয় । শেহতীয়াকৈ মই দিল্লীত ছবিখন প্ৰদৰ্শন কৰিছিলো । মই নিজকে বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰো, কাৰণ মোৰ প্ৰথম ছবিখনে ভাৰতীয় ছবিজগত এক ইতিহাসৰ সৃষ্টি কৰিলে । ভাৰতীয় মূলধাৰাৰ চিনেমাৰ ভিতৰত প্ৰথম LGBTQ+ আৰু এইডছ/এইচআইভি সম্পৰ্কীয় বিষয়সমূহ আগবঢ়োৱা ছবিসমূহৰ ভিতৰত এইখন অন্যতম ।”
ছবিখন নিৰ্মাণৰ সন্দৰ্ভত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ?
অনিৰে কয়, “২০১৮ চনতহে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামিতা অপৰাধ নহয় বুলি ঘোষণা কৰিছিল । ২০০৫ চনতে এনে এক সংবেদনশীল বিষয়ৰ ওপৰত ছবি নিৰ্মাণ কৰাটো বহু প্ৰত্যহ্বানমূলক আছিল । বিনিয়োগ আৰু বিতৰণৰ ক্ষেত্ৰতো বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । মোৰ লগতে কেইজনমান বন্ধুৱে একেলগে মিলি ছবিখন প্ৰযোজনাও কৰিছিলো, লগতে মই ছবিখন পৰিচালনাও কৰিছিলো । বহুত প্ৰত্যাহ্বান আছিল কিন্তু যেতিয়া ছবিখনে মুক্তিলাভ কৰে, তেতিয়া মই নিজকে সৌভাগ্যৱান বুলি ভাবিলো, কাৰণ মোৰ ছবিখন বলীউডৰ প্ৰখ্যাত পৰিচালক কৰণ জোহৰে উপভোগ কৰাৰ লগতে ছবিখনৰ প্ৰচাৰো কৰে । আদিত্য চোপ্ৰাই যশৰাজৰ জৰিয়তে ছবিখনৰ বিতৰণত আৰু মুক্তিত সহায় কৰে । যাৰ বাবে ছবিখনে সমগ্ৰ দেশজুৰি প্ৰচাৰ লাভ কৰে ।”