চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী:অভিনেতা ইমৰাণ হাছমী তেওঁৰ ৰোমান্টিক ছবিৰ বাবে পৰিচিত । তেওঁৰ ছবিৰ প্ৰত্যেকটি গীত অনুৰাগীয়ে ভাল পায় ৷ অৱশ্যে শেহতীয়াকৈ ইমৰাণ হাছমীয়ে ৰোমান্টিক নায়কৰ চৰিত্ৰৰ পৰা আঁতৰি খলনায়কৰ চৰিত্ৰত আত্মপ্ৰকাশ কৰিছিল ৷ অবিশ্বাস্য ভাৱে টাইগাৰ ৩ত ভিলেইনৰ চৰিত্ৰত নিজকে বৰ সুন্দৰকৈ খাপ খোৱাই ল’ব পাৰিছিল অভিনেতাগৰাকীয়ে । নিজৰ ছবিৰে মানুহৰ মন জয় কৰা ইমৰাণ হাছমীয়ে এতিয়া ২০২৪ বৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে । এইবাৰ বহু ছবিত দেখা যাব অভিনেতাগৰাকীক ।
কেৱল এয়াই নহয়, এই বছৰ অভিনেতাগৰাকীৰ বাবে এক নতুন আৰম্ভণিৰ বছৰ হ’বলৈ গৈ আছে । এইবাৰ ইমৰাণ হাছমীয়ে দক্ষিণ উদ্যোগত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।
‘টাইগাৰ ৩’ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ইমৰাণ হাছমীক আগন্তুক চোৰাংচোৱা একশ্যন থ্ৰিলাৰ ছবি ‘গুদাচাৰী ২’ত দেখা যাব । সূত্ৰ অনুসৰি, ‘‘কোৱা হৈছে যে ইমৰাণ হাছমীয়ে প্যান ইণ্ডিয়া ছবিখনত আদিভি শেশৰ সৈতে পৰ্দাৰ স্থান ভাগ কৰিব । ইমৰাণক সমান্তৰাল লিড হিচাপে দেখা যাব । অৱশ্যে ইয়াত তেওঁক নেতিবাচক ভূমিকাত দেখা পোৱা নাযাব বুলি চৰ্চা চলিছে । এই সহযোগিতাৰ বাবে ছবিখনৰ প্ৰযোজকসকল অতিশয় উৎসাহিত । ইমৰাণৰ অংশগ্ৰহণৰ লগে লগে ছবিখনে সমগ্ৰ দেশতে স্থান লাভ কৰিব বুলি নিৰ্মাতাসকলে অনুভৱ কৰিছে । ’’