হায়দৰাবাদ :বিবাহ বিচ্ছেদৰ বাতৰিৰে চৰ্চাত আছে ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু নৃত্য পৰিচালক তথা অভিনেত্ৰী ধনশ্ৰী বাৰ্মা ৷ দুয়োৰে মাজত একো ঠিকে নাই বুলি চলি আছে চৰ্চা ৷ তাৰ মাজতে প্ৰথমবাৰৰ বাবে নীৰৱতা ভংগ কৰিলে নৃত্য পৰিচালক তথা অভিনেত্ৰী ধনশ্ৰী বাৰ্মাই । শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টত ধনশ্ৰীয়ে এই বাতৰিবোৰক “ভিত্তিহীন” আৰু “তথ্যহীন” বুলি অভিহিত কৰিছে । ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ নিজৰ হতাশা প্ৰকাশ কৰে ৷ যোৱা কেইদিনমান তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে কিমান কঠিন আছিল সেই কথা প্ৰকাশ কৰি এটা টোকা শ্বেয়াৰ কৰে ।
তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ লিখিছে, "যোৱা কেইটামান দিন মোৰ পৰিয়াল আৰু মোৰ বাবে অবিশ্বাস্যভাৱে কঠিন হৈ পৰিছে । সঁচাকৈয়ে যিটোৱে বিচলিত কৰিছে সেয়া হৈছে তথ্য পৰীক্ষা অবিহনে ঘূৰি থকা ভিত্তিহীন লেখা আৰু ঘৃণা বিয়পাই দিয়া মুখবিহীন ট্ৰ'ল যিয়ে মোৰ সুনাম হত্যা কৰিব বিচাৰিছে ।"
তেওঁ লগতে আৰু কয় যে তেওঁৰ মৌনতা দুৰ্বলতাৰ সমান নহয় বৰঞ্চ ই তেওঁৰ শক্তিকহে প্ৰতিফলিত কৰে । "মই বছৰ বছৰ ধৰি নিজৰ নাম আৰু সততা গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছো । মোৰ মৌনতা দুৰ্বলতাৰ চিন নহয়; বৰঞ্চ শক্তিৰ । নেতিবাচকতা অনলাইনত সহজে বিয়পিলেও আনক উন্নীত কৰিবলৈ সাহস আৰু মমতাৰ প্ৰয়োজন ।"
"মই মোৰ সত্যৰ ওপৰত গুৰুত্ব দিবলৈ আৰু মোৰ মূল্যবোধক ধৰি আগবাঢ়ি যাবলৈ বাছি লৈছো । যুক্তিৰ প্ৰয়োজন নোহোৱাকৈ সত্য থিয় হৈ আছে । ওম নমঃ শিৱায়," এইদৰে তেওঁ টোকাটো শেষ কৰে ।