চিটাৰা ডেস্ক, 15 মে’ : ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানৰ সময়ত বিখ্যাত অভিনেত্ৰী মেৰিল ষ্ট্ৰিপক সন্মানীয় পালম ডি অ’ৰ প্ৰদান কৰা হয় বুলি আন্তঃৰাষ্ট্ৰীয় দৈনিক কাকতে প্ৰকাশ কৰিছে । ফ্ৰান্সৰ অভিনেত্ৰী জুলিয়েট বিনোচে ষ্ট্ৰিপক এই সন্মানীয় বঁটা প্ৰদান কৰে ৷ গ্ৰেণ্ড লুমিয়েৰ থিয়েটাৰত সকলোৱে ২.৫ মিনিটৰ বাবে থিয় হৈ হাত চাপৰিৰে উদগনি জনাই অভিনেত্ৰী মেৰিল ষ্ট্ৰিপক, য’ত ষ্ট্ৰিপৰ লিটিল উইমেনৰ পৰিচালক আৰু কাঁ জুৰীৰ বৰ্তমানৰ সভানেত্ৰী গ্ৰেটা গেৰৱিগ আছিল । আনহাতে জুৰীৰ সংবাদমেলৰ সময়ত বাৰ্বিৰ পৰিচালক গ্ৰেটা গেৰৱিগে #MeToo আন্দোলনক সম্বোধন কৰে ।
কাঁৰ মঞ্চত এই সন্মান গ্ৰহণ কৰি 74 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, শেষৰবাৰৰ বাবে তেওঁ কাঁ লৈ আহোতে 40 বছৰ হও হও হৈছিল আৰু সেই সময়ত তেওঁ তিনিটা সন্তানৰ মাতৃ আছিল ৷ ‘মই ভাবিছিলো যে মোৰ কেৰিয়াৰ শেষ হৈ গ’ল আৰু সেই সময়ত অভিনেত্ৰীসকলৰ বাবে সেয়া এক অবাস্তৱ ধাৰণা নাছিল।’- ষ্ট্ৰিপে উল্লেখ কৰে ৷ তেওঁ লগতে আৰু কয়, ‘আৰু আজি ৰাতি মই ইয়াত থিয় হৈ থকা আৰু এই যাত্ৰা অব্যাহত থকাৰ একমাত্ৰ কাৰণ এয়া যে অতি প্ৰতিভাশালী শিল্পীসকলৰ সৈতে মই কাম কৰাৰ সুযোগ পাইছো, যাৰ ভিতৰত আছে মেডাম লা প্ৰেচিডেণ্ট (গেৰৱিগ)।"