স্প’ৰ্টছ ডেস্ক: এদিনীয়া শৃংখলাৰ সামৰণিৰ পিছতে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণৰ বাবে সাজু হৈছে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকা ৷ 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগা এই শৃংখলাৰ পূৰ্বে 16 জনীয়া এটি দল ঘোষণা কৰিছে দক্ষিণ আফ্ৰিকাই ৷
কাৰ্যসূচী অনুসৰি, শৃংখলাৰ প্ৰথমখন টেষ্ট 26 ৰ পৰা 30 ডিচেম্বৰলৈ চেঞ্চুৰিয়ানত আৰু দ্বিতীয়খন টেষ্ট 3 ৰ পৰা 7 জানুৱাৰীলৈ কেপটাউনত অনুষ্ঠিত হ'ব ।
প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰ্বিন বছ
30 বছৰীয়া ফাষ্ট বলাৰ কৰ্বিন বছক প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ টেষ্ট দলত স্থান দিয়া হৈছে ৷ বছে 34 খন প্ৰথম শ্ৰেণীৰ মেচত 36.75 গড় আৰু 3.24 ৰ ইক’ন’মিক ৰেটৰ সৈতে মুঠ 72 টা উইকেট দখল কৰিছে ।
ক্ৰিকেটাৰগৰাকীৰ বেটিং গড় 40 তকৈ অধিক ৷ বছৰ সৈতে আনকেপড খেলুৱৈ কুৱেনা মাফাকাকো দলত অন্তৰ্ভুক্ত কৰা হৈছে, যি আছিল শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয় টেষ্ট দলৰ সদস্য ৷
Proteas Test Cricket head coach, Shukri Conrad, has announced a strong 16-player squad for the crucial upcoming two-match Test Series against Pakistan, scheduled from 26 December - 7 January.🇿🇦vs🇵🇰
— Proteas Men (@ProteasMenCSA) December 18, 2024
The Proteas are ready to take on Pakistan and secure their spot in the WTC Final… pic.twitter.com/0Eu0uZakaZ
দল সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ মুখ্য প্ৰশিক্ষক শুক্ৰি কনৰাডে এনেদৰে কয়, "আমাৰ দলৰ ক্ষেত্ৰত আমি কৰ্বিনক দলত অন্তৰ্ভুক্ত কৰিছো । বেট আৰু বল দুয়োটাৰে তেওঁৰ সৰ্বাংগীণ সামৰ্থই দলৰ শক্তি বৃদ্ধি কৰে আৰু তেওঁৰ গতিয়ে আমাৰ আক্ৰমণত অতিৰিক্ত গতি যোগ কৰে ৷ সেয়েহে আমি তেওঁক টেষ্ট ক্ৰিকেটত অন্তৰ্ভুক্ত হোৱা দেখি উৎসাহিত হৈছো ।
মহাৰাজ, মুল্ডাৰ আঘাতপ্ৰাপ্ত হোৱা স্বত্বেও দলত অন্তৰ্ভুক্ত
দক্ষিণ আফ্ৰিকাই ঘোষণা কৰা টেষ্ট দলটোত কেশৱ মহাৰাজ আৰু ৱিয়ান মুল্ডাৰকো স্থান দিয়া হৈছে ৷ দুয়োগৰাকী খেলুৱৈ আঘাতে জৰ্জৰিত কৰাৰ পিছতো টেষ্ট দলত লাভ কৰিছে স্থান ৷
পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচৰ পূৰ্বে ৱাৰ্ম-আপৰ সময়তে মহাৰাজে পিঠিৰ তীব্ৰ চাপৰ সমস্যাত ভূগিছিল ৷ আনহাতে, মুল্ডাৰে সোঁহাতৰ আঙুলিৰ সমস্যাত ভূগি থকাৰ বাবেই শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হৈছিল ৷ "আমি কেশৰ (কেশৱ মহাৰাজ) ওপৰত তীক্ষ্ণ নজৰ ৰাখিছো আৰু আশা কৰো যে তেওঁৰ আঘাত অত্যাধিক গুৰুতৰ নহয়" বুলি টীম মেনেজমেণ্টে সদৰী কৰে ।
ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষত দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকাক অহা বছৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ মাত্ৰ এখন মেচত জয়ৰ প্ৰয়োজন ৷ অৱশ্যে দলটো এতিয়াও তালিকাৰ শীৰ্ষতে আছে ৷
পাকিস্তান-দক্ষিণ আফ্ৰিকাৰ টেষ্ট দল
দক্ষিণ আফ্ৰিকাৰ টেষ্ট দলটো: টেম্বা বাভুমা (অধিনায়ক), ডেভিদ বেডিংহাম, কৰ্বিন বছ, মেথিউ ব্ৰিৎজকে, টনি ডি জৰ্জি, মাৰ্কো জানচেন, কেশৱ মহাৰাজ, কুইনা মাফকা, এডেন মাৰ্ক্ৰাম, ৱিয়ান মুল্ডাৰ, চেনুৰান মুথুচামি, ডেন পেটাৰচন, কাগিচো ৰাবাডা, ৰিয়ান ৰিকলটন, ট্ৰিষ্টান ষ্টবচ, কাইল ভেৰিন (উইকেটকীপাৰ) ।
পাকিস্তানৰ টেষ্ট দলটো: শান মাছুদ (অধিনায়ক), চাউদ চাকিল (সহ অধিনায়ক), আমিৰ জামাল, আব্দুল্লাহ চফিক, বাবৰ আজম, হাচিবুল্লাহ (উইকেটকীপাৰ), কামৰান গোলাম, খুৰম শ্বাহজাদ, মীৰ হামজা, মহম্মদ আব্বাছ, মহম্মদ ৰিজৱান (উইকেটকীপাৰ), নাছিম শ্বাহ, নোমান আলী, ছাইম আয়ুব আৰু চলমান আলী আঘা ।
লগতে পঢ়ক: উভতি চাও 2024: সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী শীৰ্ষৰ 10 বলাৰ - YEAR ENDER 2024