অসম

assam

ETV Bharat / entertainment

চলচ্চিত্ৰ প্ৰেমীৰ সুবিধাৰ্থে জন্ম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱৰ - TANUSHREE HAZARIKA ABOUT BVFF

ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে যাত্ৰা সন্দৰ্ভত বিভিন্ন মন্তব্য কৰিলে পৰিচালক তনুশ্ৰী হাজৰিকাই ৷ অসমত চলচ্চিত্ৰ মহোৎসৱৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো তেওঁ মন্তব্য কৰে ৷

BVFF director Tanushree Hazarika asks every film enthusiast to attend film festival
পৰিচালক তনুশ্ৰী হাজৰিকা (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Dec 7, 2024, 2:08 PM IST

গুৱাহাটী :মহানগৰীত বৃহস্পতিবাৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নৱম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ । মহানগৰীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব মুঠ ৩০খনকৈ ছবি । ৪ দিনীয়া মহোৎসৱত অংশগ্ৰহণ কৰিব দেশৰ ভিন্ন প্ৰান্তৰৰ চলচ্চিত্ৰ উদ্যোগৰ বহু ৰথী-মহাৰথীয়ে । এই মহোৎসৱ সন্দৰ্ভত পৰিচালক তনুশ্ৰী হাজৰিকাই ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে বহু কথা-

  • ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যসূচী

"বহুতেই ভাল লাগিছে এই চলচ্চিত্ৰ মহোৎসৱখন অনুষ্ঠিত কৰি । মুকলি অনুষ্ঠান খুব সুন্দৰকৈ হৈ গ'ল । দ্বিতীয় দিনা কেইবাখনো ছবি প্ৰদৰ্শন কৰা হয় । শনিবাৰে ড৹ ববী শৰ্মা বৰুৱাৰ এখন ছবি প্ৰদৰ্শন কৰা হ'ব । লগতে দেওবাৰে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ 2খন প্ৰদৰ্শন কৰা হ'ব । সন্ধিয়াৰ ভাগলৈ All we imagine as light ছবিখনেৰে চলচ্চিত্ৰ মহোৎসৱৰ সামাৰণি মৰা হ'ব । সকলোকে অনুৰোধ জনাইছো যে এই মহোৎসৱলৈ আহক, বিশেষকৈ যিসকল ছবিৰ লগত জড়িত ব্যক্তি আছে, তেওঁলোক আহক । এই মহোৎসৱৰ পৰা শিকিবলগীয়া বহুখিনি বস্তু আছে ৷"

পৰিচালক তনুশ্ৰী হাজৰিকাৰ ভাষ্য (ETV Bharat Assam)
  • আৰম্ভণিৰ পৰা বৰ্তমানলৈকে এই মহোৎসৱৰ যাত্ৰা

"প্ৰথম আমি যেতিয়া এই মহোৎসৱ অনুষ্ঠিত কৰিছিলো তেতিয়া আমাৰ ইমান অভিজ্ঞতা নাছিল । ২০১৩ চনত প্ৰথমবাৰৰ বাবে এই মহোৎসৱৰ আৰম্ভণি হৈছিল ITA মাছখোৱা প্ৰকল্পৰ পৰা । কিন্তু ক’ভিডৰ বাবে দুবছৰ আমি অনুষ্ঠিত কৰিব পৰা নাছিলো । ক’ভিডৰ পাছত আমি বিগত বর্ষৰ পৰা জ্যোতিচিত্ৰবনত অনুষ্ঠিত কৰিবলৈ ল'লো । প্ৰথমে বহুত কষ্ট হৈছিল বহুত কথাই জনা নাছিলো । কিন্তু সকলোৰে সহায়-সহযোগিতাত আমি এই পৰ্যায়ত উপনীত হ'ব পাৰিছো । এতিয়া লাহে লাহে মানুহে এই মহোৎসৱৰ কথা জানিব পাৰিছে ৷"

  • অসমত চলচ্চিত্ৰ মহোৎসৱৰ কিমান প্ৰয়োজন ?

"ফেষ্টিভেল হ'ব লাগে । ছবিৰ প্ৰদৰ্শনবোৰ হৈ থাকিব লাগে । চলচ্চিত্ৰ মহোৎসৱৰ পৰা শিকিবলৈ এটা সুযোগ পোৱা যায় । বেছিভাগ মানুহেই মুম্বাই বা দক্ষিণত কাম কৰিবলৈ গুচি যায় । ইয়াতে যদি আমি ছাত্ৰ অৱস্থাৰ পৰাই এখন শিকাৰ মঞ্চ দিব পাৰো তেতিয়া আৰু বেছি সুবিধা হয় । আমি সেয়ে এনেকুৱা এটা প্ৰচেষ্টাই হাতত লৈছো । সৰুৰ পৰাই যিসকলে এনেকুৱা এটা দিশত আগবাঢ়িব বিচাৰে তেওঁলোকে যাতে সেই বস্তুখিনি বা সুবিধাখিনি ইয়াতে পায়, সেয়াই আমাৰ প্ৰচেষ্টা ।"

লগতে পঢ়ক :BVFF ত দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীৰ ভাষ্য ‘‘আমি ভৌগলিকভাৱেহে দূৰ’’

ABOUT THE AUTHOR

...view details