চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: অতি সোনকালেই চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘Black’ অ’টিটিত মুক্তি পাব । এই ছবিখন ২০০৫ চনত মুক্তি পাইছিল । ছবিখনত মেগাষ্টাৰ অমিতাভ বচ্চনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ মুখ্য অভিনেত্ৰী আছিল ৰাণী মুখাৰ্জী, যি দৃষ্টিহীন যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ব্যতিক্ৰমী কাহিনী আৰু তাৰকাময় অভিনয়ৰ বাবে ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে পৰা সমাদৰ লাভ কৰিছিল ।
ৰাণী মুখাৰ্জীৰ অন্যতম উজ্জ্বল অভিনয়ৰ ভিতৰত ‘Black’ অন্যতম বুলি গণ্য কৰা হয় । ছবিখন মুক্তি পোৱা আজি ১৯ বছৰ হ’ল । ১৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ছবিখন অ’টিটিত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাই ।
দেওবাৰে নিৰ্মাতাই ব্লেক ছবিখনৰ ডিজিটেল মুক্তিৰ কথা ঘোষণা কৰিছে । মাইলৰ খুঁটি বুলি অভিহিত কৰা এই ছবিখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব । দৰ্শকে নিজৰ ঘৰত আৰামত বহি ছবিখন উপভোগ কৰিব পাৰিব । ছবিখনৰ এটা মৰ্মস্পৰ্শী ক্লিপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ইয়াৰ মুক্তিৰ তাৰিখ আৰু অন্যান্য তথ্য নেটফ্লিক্সৰ ইনষ্টা হেণ্ডেলত দিছে ।
পোষ্টটোৰ কেপচনত লিখা আছিল, “সঞ্জয় লীলা ভাঞ্চালীৰ ব্লেক মুক্তিৰ ১৯ বছৰ হ’ল আৰু আজি আমি নেটফ্লিক্সত ইয়াৰ প্ৰথম ডিজিটেল মুক্তি উদযাপন কৰিছো ! দেবৰাজ আৰু মিচেলৰ এই যাত্ৰা আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক। ’’