অসম

assam

ETV Bharat / entertainment

কুৰিৰো অধিক চিনেমাৰে সমৃদ্ধ ২০২৪ বৰ্ষটোত জিলিকিল কোন কেইখন ? - YEARENDER 2024

চলিত বৰ্ষত মুক্তি লাভ কৰে 25 খনকৈ অসমীয়া ছবিয়ে । 5 জানুৱাৰীত আৰম্ভ হোৱা এই মুক্তি যাত্ৰাৰ অন্ত পৰে 22 নৱেম্বৰত ৷

total number of assamese films released in the year 2024
২০২৪ বৰ্ষটোত জিলিকিল কোন কেইখন ? (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : 11 hours ago

গুৱাহাটী :চাওঁতে চাওঁতে আমি বছৰটোৰ অন্তিম ক্ষণত উপনীত হৈছোহি ৷ নতুনক আদৰাৰ প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈ গৈছে ৷ আজিৰ এই ক্ষণত উপস্থিত হৈ পিছলৈ ঘূৰি চালে অনুভৱ হয় এই বৰ্ষটো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছে ৷ প্ৰতিটো বছৰেই বহু কিবা কিবি দি যায় বহু কিবা কিবি লৈ যায় ৷ 2024 বছৰটোও তাৰ ব্যতিক্ৰম নহ’ল ৷

2024 বৰ্ষত অসমীয়া সাংস্কৃতিক জগতলৈ আহিল বহু ভাল খবৰ । অসমীয়া ছবি গোলকীয় মঞ্চ পালেগৈ ৷ ইয়াতকৈ গৌৰৱৰ কথা অসমবাসীৰ বাবে আৰু কি হ’ব পাৰে ! ঠন ধৰি উঠিছে অসমীয়া ছবি উদ্যোগ । এটা সময়ত আঙুলিৰ মূৰত গণিব পৰাকৈ মুক্তি পোৱা ছবিৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিটো সপ্তাহতে এতিয়া মুক্তি লাভ কৰিবলৈ লৈছে একোখনকৈ অসমীয়া ছবিয়ে । চলিত বৰ্ষটোত মুক্তি লাভ কৰিলে 25 খনকৈ অসমীয়া ছবিয়ে । বছৰটোৰ আৰম্ভণিতে মুক্তি লাভ কৰে ‘কইনা কন্দা শিল’ আৰু বছৰটোৰ শেষৰ ছবি হিচাপে মুক্তি লাভ কৰে ‘ডেউকা’ই ৷

বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে মুক্তি পোৱা ছবিৰ তালিকা-

5 জানুৱাৰী : কইনা কন্দা শিল

2 ফেব্ৰুৱাৰী : সত্য দ্য ট্ৰুথ

23 ফেব্ৰুৱাৰী : মিনি

1 মাৰ্চ : এটা নিৰ্জন দুপৰীয়া

8 মাৰ্চ : কুঁহি

15 মাৰ্চ : দাদাগিৰি

22 মাৰ্চ : ৱাইড এংগল

29 মাৰ্চ : ইতি তোমাৰ

19 এপ্ৰিল : ফাইণ্ডিং মাইনি

3 মে’ : গোৱৰধন চৰিত

17 মে’ : জিয়া

24 মে’ : প্ৰতিশ্ৰুতি ।

7 জুন : স্বৰ্গৰথ

31 মে’ : হ’মবইজ

5 জুলাই : ইমন

19 জুলাই : বিদুৰভাই

2 আগষ্ট : পিশাচ

30 আগষ্ট : সেউজ সন্ধান আৰু চিলনী চোৰ

5 ছেপ্টেম্বৰ : লোকেল কুংফু 3

20 ছেপ্টেম্বৰ : চিকাৰ

27 ছেপ্টেম্বৰ : ভূত জলকীয়া

18 অক্টোবৰ : জয় হনুমেন

25 অক্টোবৰ : সুন্দৰপুৰ কেঅছ

15 নৱেম্বৰ : অভিমন্যু

22 নৱেম্বৰ : ডেউকা

25 খন ছবিৰ ভিতৰত সফলতাৰ মুখ দেখা ছবি কোন কেইখন ?

চলিত বৰ্ষটোত মুক্তি পোৱা ছবিৰ সংখ্যা 25 খন ৷ এই সংখ্যা সঁচাই প্ৰশংসনীয় ৷ পিছে 25 খনেই যে দৰ্শকে ছবিগৃহত গৈ চালে তেনে নহয় ৷ বেছিভাগ ছবিয়েই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে সামাজিক বাৰ্তাও আছিল ৷

UFO Moviez India Ltd ৰ মহা প্ৰবন্ধক সৌৰভ দত্তই কয়, “আমি যদি ব্যৱসায়ৰ ফালৰ পৰা ক’বলৈ যাওঁ তেন্তে এই বর্ষৰ সৰ্বাধিক ব্যৱসায় কৰা ছবিখন হৈছে ‘বিদুৰভাই’ । সেই ছবিখনে প্ৰায় 12.5 কোটি টকাৰ ব্যৱসায় কৰিছে । তাৰ পিছত মুক্তি পোৱা ছবিসমূহে ‘বিদুৰভাই’ ৰ সমপৰ্যায়লৈ যাবলৈ সক্ষম নহ’ল যদিও ‘লোকেল কুংফু 3’, ‘চিকাৰ’, ‘অভিমন্যু’ এই ছবিকেইখনে এটা পৰ্যায়লৈ ব্যৱসায় কৰিছে ৷”

ছবি নিৰ্মাণ হোৱাৰ তুলনাত ব্যৱসায়িক সফলতা

এই সম্পর্কত সৌৰভ দত্তই কয়, “বহু ছবিয়ে ব্যৱসায়িক সফলতাৰ মুখ দেখা নাই । তাৰ কাৰণো আছে, কাৰণ কিছুমান ছবিৰ মুক্তিৰ দিনৰ লগত হিন্দী ছবিৰ মুক্তিৰ দিনৰ সংঘৰ্ষ হৈছে । শেহতীয়াকৈ যদি চাওঁ, অভিমন্যু ছবিখনে ৰাসৰ সময়ত মুক্তি লাভ কৰিছে । কিছুমান ছবিখনৰ ক্ষেত্ৰত দৰ্শকে বিচৰা অনুযায়ী সমল লাভ কৰা নাই । কিছু এনে কাৰণতে ৰৈ যাবলগীয়া হৈছে বহু ছবি ।”

মুক্তিৰ দিন ধাৰ্য কৰাৰ পাছতো পিছুৱাই দিয়া ছবি

“আমি আগতে জানিব পৰা অনুসৰি ৰুদ্ৰখনো এইটো বছৰতে মুক্তি পোৱাৰ কথা আছিল । লগতে ‘ভাইমন দা’, ‘পথ-উপপথ’ এই ছবি কেইখনো এই বছৰতে মুক্তি পোৱাৰ কথা আছিল কিন্তু এইকেইখনৰ মুক্তিৰ দিন 2025 লৈ পিছুৱাই দিয়া হৈছে । লগতে 6 ডিচেম্বৰত ‘তাৰিখ’ ছবিখনৰ মুক্তিৰ দিন আছিল । কিন্তু 5 ডিচেম্বৰত ‘পুষ্পা 2’ খন মুক্তি লাভ কৰাৰ বাবে এই ছবিখনৰো মুক্তি দিন পিছুৱাই দিয়া হয় ।”

2025 চনৰ বহু প্ৰত্যাশিত ছবি কোন কেইখন ?

অভিনেতা ৰবি শৰ্মাৰ চৰ্চিত ছবি ‘মোক্ষ’ৰ বৰ্তমান শ্বুটিং চলি আছে । তেওঁ অভিনীত আন এখন ছবি 'ৰুদ্ৰ'ক লৈ আশাবাদী নিৰ্মাতা । সমান্তৰালকৈ ‘পথ-উপপথ’, ‘বীৰাংগনা সাধনী’ও তালিকাত আছে । 2025 বৰ্ষত ব্যৱসায়িকভাৱে সফল হ’বলগীয়া বহুকেইখন ছবি আছে বুলি জনাই UFO Moviez India Ltd ৰ মহা প্ৰবন্ধক সৌৰভ দত্তই ।

লগতে পঢ়ক :অসমীয়া ছবি: মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল বছৰটো, দি গ'ল সুখৰ অনুভৱ

ABOUT THE AUTHOR

...view details