গুৱাহাটী, 27 ছেপ্টম্বৰ :আজি মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘ভূত জলকীয়া’ ই । Green Grass Films আৰু DP Entertainment ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা চিন্ময় শৰ্মাৰ । প্ৰথম সপ্তাহত খুব কম সংখ্যক দর্শনীত মুক্তি দিয়াৰ পৰিকল্পনা কৰা ছবিখন আজি ৰাজ্যৰ প্ৰায় 14 টা ছবিগৃহত মুক্তি দিয়া হৈছে ।
ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালনাক চিন্ময় শৰ্মাই জনালে কিছু কথা ।
ছবিখনৰ সম্পৰ্কে পৰিচালক চিন্ময় শৰ্মাৰ মন্তব্য-
দৰাচলতে ট্ৰেইলাৰে মুক্তি লাভ কৰাৰ সময়ৰ পৰাই ‘ভূত জলকীয়া’ ক লৈ এক উৎসাহৰ সৃষ্টি হোৱা দেখা গৈছে দৰ্শকৰ মাজত । বহুতৰ মাজত নামটোকলৈয়ো কৌতূহল সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ছবিখনৰ সম্পৰ্কে মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, “আমাৰ গোটেই টীমটোৰে বৰ ভাল লাগিছে আজি । প্ৰায় ডেৰ বছৰ ধৰি আমি এইখন ছবিৰ কাম কৰি আছো । আজি ছবিখনে মুক্তি লাভ কৰিলে । প্ৰথম দর্শনী কেইটা বৰ্তমান আৰম্ভ হৈছে । খুব ভাল লাগিছে আজি, আশাকৰো দৰ্শকে ছবিখন ভাল পাব ।”
শ্ব’ৰ সময় (Team Bhoot jolokiya) প্ৰথম সপ্তাহত খুব কম সংখ্যক দর্শনী লোৱাৰ কিবা কাৰণ আছে নেকি ?
এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “আমাৰ পৰিকল্পনাটো আচলতে তেনেকুৱাই আছিল । মানুহে যেতিয়া ছবিখনৰ কথা গম পাব, অৰ্থাৎ দৰ্শকৰ মুখে মুখে যেতিয়া বাগৰিব তেতিয়া ছবিখনৰ বাবে দৰ্শকৰ সংখ্যা বাঢ়িব ৷ লগতে আৰু বহু ডাঙৰ ডাঙৰ ছবি আছে যিখিনি এতিয়া চলি আছে । যিটো কাৰণত আমি ছবিগৃহও বহুত বেছি নাই পোৱা । লগতে ছবিগৃহসমূহত দর্শনীৰ বহুত বেছি ভাল সময় নাই পোৱা । গতিকে আমি যিসমূহ ছবিগৃহত ভাল দর্শনী পাইছো তাত মুক্তি দিছো । আমাৰ পূৰ্বৰে পৰা প্ৰথম সপ্তাহত 15-20 টা ছবিগৃহত মুক্তি দিয়াৰে টাৰ্গেট আছিল ।”
বহিঃৰাজ্যত ক’ত ক’ত মুক্তি দিয়া হ’ব ছবিখন ?
“ছবিখন ৰাজ্যৰ লগতে বাংগালুৰু, দিল্লী আৰু মুম্বাইত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে । পূৰ্বে আমি ছবিখনৰ মুক্তিৰ দুসপ্তাহ পাছত বাহিৰত মুক্তি দিয়াৰ কথা ভাবিছিলো । এতিয়া হয়তো এসপ্তাহ পাছতে মুক্তি দিয়া হ'ব”, এই মন্তব্য চিন্ময় শৰ্মাৰ ৷
আজিৰে পৰা ছবিগৃহত ‘ভূত জলকীয়া’ (Team Bhoot jolokiya) উল্লেখ্য যে, ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিণ্টু বৰুৱা আৰু অতনু মহন্তই ৷ আন আন চৰিত্ৰসমূহত অভিনয় কৰিছে প্ৰীতি খাউণ্ড মহন্ত, দ্বীপ কুমাৰ কলিতা, ভায়লিনা বৰদলৈ, অদ্ৰিতা পৰাশৰ, ত্ৰিবেণী গগৈ, বিশাল ওজা, নয়ন বৰদলৈ, জয়শ্ৰী ভূঞা, তৰুলতা দাস, ভূপেন শৰ্মা আদিকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই আৰু শব্দৰ কাম দেৱজিৎ গায়নৰ ।
লগতে পঢ়ক :ভোট-জলকীয়াৰ জলা নহয় এইবাৰ ভূত-জলকীয়াৰ থ্ৰীলাৰ চাবলৈ সাজু হওক - Chinmoy Sarmah Bhoot Jolokiya