হায়দৰাবাদ:বিশ্বখ্যাত নাট্য শিক্ষাৰ প্ৰতিষ্ঠান লণ্ডনৰ ৰয়েল একাডেমি অফ ড্ৰামেটিক আৰ্ট (RADA)ৰ দুই স্নাতকোত্তৰ ডিগ্ৰীধাৰী ইটালীৰ ফেডেৰিকা ৰুগিয়েৰী আৰু অসমৰ বৰ্ষা বাহাৰে ভাৰতীয় নাট্যপ্ৰেমীৰ বাবে লৈ আহিছে তেওঁলোকৰ বহুচৰ্চিত নাটক Unsewn ৷
ইতিমধ্যে লণ্ডনৰ মঞ্চত দৰ্শকৰ পৰা ভূয়সী প্ৰসংশা লাভ কৰাৰ পিছত Unsewn এ আৰম্ভ কৰিছে ভাৰতমুখী যাত্ৰা ৷ গুৱাহাটী, কলকাতা, দিল্লী, বেংগালুৰু আৰু মুম্বাইত ফেডেৰিকা আৰু বৰ্ষাই মঞ্চস্থ কৰিব এই নাটখন ৷
ভাৰতৰ ক'ত কেতিয়া মঞ্চস্থ হ'ব Unsewn (ETV Bharat Assam) 18 আৰু 19 ডিচেম্বৰত গুৱাহাটীৰ ছিগালৰ মঞ্চত সন্ধিয়া 6 বজাত দুয়োগৰাকী শিল্পীয়ে এই নাটখন পৰিৱেশনৰ জড়িয়তে তেওঁলোকৰ ভাৰতৰ নাট্য অভিযান আৰম্ভ কৰিব ৷ গুৱাহাটীৰ পিছতেই Unsewn মঞ্চস্থ হ'ব কলকাতাৰ প্ৰখ্যাত একাডেমি নান্দীকাৰৰ মঞ্চত ৷ 23 ডিচেম্বৰৰ সন্ধিয়া 6.30 বজাত নান্দীকাৰৰ মঞ্চত নাটখন পৰিবেশন কৰাৰ পিছত দুয়োগৰাকী শিল্পী ৰাওনা হ'ব দিল্লীলৈ ৷
26 ডিচেম্বৰৰ সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি)ৰ সম্মুখ মঞ্চত পৰিবেশিত হ'ব Unsewn ৷ দিল্লীত এনিশাৰ দৰ্শনীৰ পিছত 29 ডিচেম্বৰত বেংগালুৰুত দুটাকৈ দৰ্শনী হ'ব নাটখনৰ ৷ সেইদিনাই বেংগালুৰুৰ প্ৰখ্যাত ৰংগাশংকৰাৰ মঞ্চত বিয়লি 3.30 বজাত আৰু সন্ধিয়া 7 বজাত পৰিৱেশন কৰা হ'ব Unsewn ৷ বৰ্ষা আৰু ফেডেৰিকাই তেওঁলোকৰ অন্তিম প্ৰদৰ্শনী কৰিব মুম্বাইত 2 জানুৱাৰীত ৷
সেইদিনা মুম্বাইৰ ৰংগশীলা মঞ্চত সন্ধিয়া 6 বজাত আৰু 8 বজাত Unsewn ৰ দুটাকৈ দৰ্শনী হ'ব ৷ উল্লেখ্য যে বৰ্ষা বাহাৰ আৰু ফেডেৰিকা ৰুগিয়েৰীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত Unsewn মঞ্চস্থ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লৈছে ৰূপালী জয়ন্তী পাৰ কৰা গুৱাহাটীৰ নাট্য শিক্ষাৰ প্ৰতিষ্ঠান ছিগালে ৷
লগতে পঢ়ক:লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা