চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী:অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল য়ামী গৌতমৰ ছবি ‘আৰ্টিকেল ৩৭০’ৰ বাবে। ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা ‘আৰ্টিকেল ৩৭০’ক লৈ চৰ্চা আৰম্ভ হৈছিল । আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ এখন ৰেলীৰ সময়ত য়ামী গৌতমৰ ‘আৰ্টিকেল ৩৭০’ৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত ছবিখনক লৈ ৰাইজৰ মাজত আৰু অধিক চৰ্চাৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে আজি ছবিগৃহত মুক্তি পালে ‘আৰ্টিকেল ৩৭০’ ৷ ছবিগৃহত মুক্তি পোৱাৰ লগে লগে এই ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । এই প্ৰতিবেদনত জানো আহক 'আৰ্টিকেল ৩৭০' এ মুক্তিৰ প্ৰথম দিনা কিমান টকা উপাৰ্জন কৰিব ৷
প্ৰথম দিনটোত কিমান কোটি টকাৰে মুকলি হ’ব 'আৰ্টিকেল ৩৭০' ?
যোৱা বছৰ ‘অ’এমজি ২’ত দেখা পোৱা গৈছিল য়ামী গৌতমক ৷ ‘অ’এমজি ২’ৰ পিচত এতিয়া ‘আৰ্টিকেল ৩৭০’ত দেখা গৈছে য়ামীক । এই ছবিখন কাশ্মীৰৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মিত । ৰাষ্ট্ৰীয় বঁটা বিজয়ী আদিত্য সুহাস জম্ভালৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে সমালোচক আৰু দৰ্শকৰ ইতিবাচক সমালোচনা লাভ কৰিছে ।