হায়দৰাবাদ: বিবাহ বিচ্ছেদৰ বাতৰিৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে দেশৰ বিখ্যাত কণ্ঠশিল্পী এ আৰ ৰহমান আৰু ছাইৰা বানুৱে । ইটোৰ পিছত সিটোকৈ বিবৃতি আহি আছে দম্পতীটোৰ অধিবক্তা বন্দনা শ্বাহৰ পৰা । শেহতীয়াকৈ বন্দনাই দম্পতীটোৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ সকলোকে আহ্বান জনাইছে । ৰাইজৰ ওচৰত আবেদন জনাই তেওঁ কয় যে সকলোৱে এ আৰ ৰহমান আৰু ছাইৰা বানুৰ গোপনীয়তাক সন্মান কৰক ।
বন্দনা শ্বাহে আইএনএছক দিয়া এক সাক্ষাৎকাৰত দম্পতীটোৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনাইছে । “এ আৰ ৰহমান আৰু ছাইৰা বানুৰ এতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই । মই দুয়োৰে গোচৰ চাই আছো । মই তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে একো প্ৰকাশ কৰিব নোৱাৰো কিন্তু হয় এয়া 29 বছৰীয়া বৈবাহিক সম্পৰ্ক ।”
তেওঁ লগতে কয়, “প্ৰতিখন বিবাহতে উত্থান-পতন হোৱাটো স্বাভাৱিক । মই বুজিব পাৰিছো যে এইটো দম্পতীটোৰ বাবে কঠিন সিদ্ধান্ত, কিন্তু দুয়োৰে পাৰস্পৰিক সন্মতিৰে লোৱা সিদ্ধান্ত । এই সময়ত পৰিয়ালৰ গোপনীয়তাক সন্মান কৰা উচিত ।”
অধিবক্তাগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে এ আৰ ৰহমানৰ বিবাহ বিচ্ছেদৰ সৈতে তেওঁৰ বেছিষ্ট মোহিনী দে’ তেওঁৰ স্বামী মাৰ্ক হাৰ্টছৰ পৰা পৃথক হোৱাৰ সিদ্ধান্তৰ কোনো সম্পৰ্ক নাই । সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি অধিবক্তাগৰাকীয়ে কয় যে এই ঘটনাৰ সৈতে মোহিনী দে’ৰ কোনো সম্পৰ্ক নাই । ছাইৰা আৰু এ আৰ ৰহমানে নিজেই এই সিদ্ধান্ত লৈছে ।
বিবাহৰ 29 বছৰৰ পিছত, ছাইৰাই তেওঁৰ স্বামী এ.আৰ. ৰহমানৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে । তেওঁলোকৰ গভীৰ প্ৰেম থকা স্বত্বেও, দম্পতীটোৱে দেখিছে যে চাপ আৰু কিছুমান সমস্যাই তেওঁলোকৰ মাজত এক দূৰ কৰিব নোৱাৰা ব্যৱধানৰ সৃষ্টি কৰিছে । ছাইৰাই এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ৰাইজৰ পৰা গোপনীয়তা আৰু বুজাবুজিৰ আশা কৰিছে ।
১৯৯৫ চনত আৰ ৰহমান আৰু ছাইৰা বানু বিবাহপাশত আৱদ্ধ হয় । তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে, খাতিজা, ৰহিমা আৰু আমিন ৰহমান । মঙলবাৰে, দম্পতীহালে তেওঁলোকৰ বিচ্ছেদ নিশ্চিত কৰে ।
লগতে পঢ়ক :বিচ্ছেদক লৈ এ আৰ ৰহমান-ছাইৰা বানুৰ কন্যাৰ প্ৰতিক্ৰিয়া