হায়দৰাবাদ :১৯ নৱেম্বৰত সংগীতৰ কিংবদন্তী এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে বিবাহৰ ২৯ বছৰৰ পিছত আৱেগিক চাপৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰে । একেদিনাই, ৰহমানৰ বেছিষ্ট মোহিনী দে, যিয়ে বিশ্বজুৰি 40 টাতকৈও অধিক অনুষ্ঠানত ৰহমানৰ সৈতে প্ৰদৰ্শন কৰিছে, তেওঁৱো তেওঁৰ স্বামী মাৰ্ক হাৰ্টছুচৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে । ইয়াৰ অলপ পিছতে, দুয়োটা বিবাহ বিচ্ছেদৰ মাজত এক সম্ভাৱ্য সম্পৰ্কৰ বিষয়ে উৰাবাতৰি প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে ৷
এতিয়া ৰহমানৰ অধিবক্তা বন্দনা শ্বাহে দুয়োটা বিবাহ বিচ্ছেদৰ মাজত যিকোনো ধৰণৰ সম্পৰ্ক থকা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ তীব্ৰভাৱে দুয়োটা ঘটনাৰ মাজত সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে ।
এটা সংবাদ মাধ্যমক দিয়া এক বিবৃতিত শ্বাহে কয় যে, “কোনো সংযোগ নাই । ছাইৰা আৰু মিষ্টাৰ ৰহমানে নিজাববীয়াকৈ এই সিদ্ধান্ত লৈছে ।” তেওঁ লগতে উল্লেখ কৰে যে ৰহমান আৰু ছাইৰা দুয়োজনেই বহু চিন্তাৰ অন্তত স্বতন্ত্ৰভাৱে সিদ্ধান্ত লৈছিল ।