চিটাৰা ডেস্ক, 1 মে’ : অনুপমা খ্যাত অভিনেত্ৰী ৰূপালী গাংগুলীয়ে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বুধবাৰে নতুন দিল্লীত এক সংবাদমেলত এই ঘোষণা কৰা হয় । ৰূপালীৰ সৈতে ৰাজনৈতিক নেতা বিনোদ তাৱড়ে আৰু অনিল বালুনী উপস্থিত থাকে ।
সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি অনুপমা খ্যাত তাৰকা গৰাকীয়ে কয়, "মই ইয়াত উপস্থিত হৈ অত্যন্ত সন্মানিত হৈছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক যথেষ্ট অনুপ্ৰাণিত কৰিছে । মই প্ৰধানমন্ত্ৰী মোদীৰ এজন ডাঙৰ অনুৰাগী । বিজেপিয়ে উৎকৃষ্ট কাম কৰি আহিছে, সেয়েহে মই তেওঁলোকৰ সৈতে যোগদান কৰাৰ সিদ্ধান্ত লৈছো । মই দলটোৰ প্ৰতি সঁচাকৈয়ে কৃতজ্ঞ" ৷
ৰূপালীয়ে দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ সন্মিলনৰ সময়ত সাংবাদিকসকলক কয়, "এক নাগৰিক কে নাতে হি চহি, লেকিন হাম সবকো ইচমে সহভাগী হোনা চাহিয়ে । অউৰ মহাকাল আৰু মাতাৰাণী কা আশীৰ্ৱাদ হে, কি মে আপনে কলা কে মাধ্যম চে কাই চাৰে লোগো চে মিলতি হুঁ, উনচে চাৰোকাৰ হুঁ ৷
নাগৰিক হিচাপে, আমি সকলোৱে এই নিৰ্বাচনবোৰত সক্ৰিয়ভাৱে জড়িত হ’ব লাগে । মহাকাল আৰু মাতাৰাণীৰ আশীৰ্বাদত, মই মোৰ কামৰ জৰিয়তে আনৰ সৈতে সংযোগ হ’বলৈ সক্ষম হৈছো । সেয়েহে, যেতিয়া মই প্ৰগতিৰ এই মহাযজ্ঞ লক্ষ্য কৰোঁ, তেতিয়া মই ইয়াত অংশগ্ৰহণ কৰিবলৈ বাধ্য হোৱা যেন অনুভৱ কৰো ।"