হায়দৰাবাদ :ৰাষ্ট্ৰীয় ৰাজধানীত নিজৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি পুষ্পা ২: দ্য ৰুলৰ সফলতা উদযাপন কৰাৰ এদিন পিছতেই, ছুপাৰষ্টাৰ আল্লু অৰ্জুনক শুকুৰবাৰে হায়দৰাবাদ মহানগৰ আৰক্ষীয়ে সন্ধ্যা থিয়েটাৰ পদপিষ্ট গোচৰত গ্ৰেপ্তাৰ কৰে । এফালে য’ত চলচ্চিত্ৰখনে বিশ্বজুৰি বক্স অফিচৰ অভিলেখ ভংগ কৰি আছে, আনফালে একে সময়তে গৃহভূমিত, ৪ ডিচেম্বৰত চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব'ত সংঘটিত হোৱা এক শোকাৱহ পদপিষ্ট ঘটনাত এগৰাকী মহিলাৰ দৰ্শকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত আল্লু অৰ্জুন এই অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈছে ।
অভিনেতাজনক প্ৰথমে হায়দৰাবাদৰ চিক্কাডপল্লী আৰক্ষী থানালৈ লৈ যোৱা হয় । তাৰ পিছত গান্ধী হাস্পতালত অভিনেতাজনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱাৰ পিছত তেওঁক নামপল্লী আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে তেওঁক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে যদিও তেলেংগানা উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে তেওঁৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ৷ ফলত কাৰাগাৰলৈ যোৱাৰ পৰা সাময়িকভাৱে সকাহ পায় চুপাৰষ্টাৰগৰাকীয়ে ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, ৪ ডিচেম্বৰত পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত আল্লু অৰ্জুন, ৰশ্মিকা মান্দান্না আৰু পুষ্পা ২ ৰ দলটোও হায়দৰাবাদৰ এটা হলত উপস্থিত হয় । য’ত অভিনেতাজনক দেখাৰ পিছত অনুৰাগীসকল উৎফুল্লিত হৈ পৰে ৷ আনকি এটা সময়ত আল্লু অৰ্জুনৰ অনুৰাগীসকলক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱৰা এক পৰিৱেশৰ সৃষ্টি হয় ৷
আল্লু অৰ্জুনক এবাৰ ওচৰৰ পৰা চাবলৈ সকলোৰে মাজত হেঁচা-ঠেলা লাগে ৷ ফলত এই হেঁচা-ঠেলাত পৰি ছবিখন চাবলৈ অহা এগৰাকী মহিলাৰ মৃত্যু হয় ৷ লগতে তেওঁৰ সন্তানটো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ জানিব পৰা মতে, মৃত মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু সন্তানৰ সৈতে চিনেমাখন চাবলৈ আহিছিল ।
এই ঘটনাৰ পাচতে আল্লু অৰ্জুনে তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । লগতে আৰক্ষীয়ে আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তা দল আৰু হল পৰিচালনাৰ (theatre management) বিৰুদ্ধে ১০৫ (Culpable homicide not amounting to murder), ১১৮(১) (Voluntarily causing hurt) r/w ৩(৫) BNS ধাৰাত এক গোচৰ ৰুজু কৰিছিল ।
মৃত মহিলাগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত যোৱা ৫ ডিচেম্বৰত চিক্কাডপল্লী আৰক্ষী থানাত (Chikkadpally Police Station) ৰুজু হৈছিল এই গোচৰটো । আল্লুৰ পূৰ্বে হায়দৰাবাদ আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত তিনিজন লোকক আটক কৰিছে ।