অসম

assam

ETV Bharat / entertainment

স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ ছাৰা আলী খানৰ, এ ৱতন মেৰে ৱতনৰ ট্ৰেইলাৰ মুকলি - Kannan Iyer

Ae Watan Mere Watan Trailer: ছাৰা আলী খান অভিনীত ছবি ‘এ ৱতন মেৰে ৱতন’ ছবিখনৰ ট্ৰেইলাৰ মুকলি ৷ ট্ৰেইলাৰত দেখা গৈছে ছাৰা আলী খানৰ জোৰদাৰ অভিনয় ৷

Slug  Ae Watan Mere Watan Trailer: Sara Ali Khan Shines as Resilient Freedom Fighter in Patriotic Drama
এ ৱতন মেৰে ৱতন ট্ৰেইলাৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 3:05 PM IST

চিটাৰা ডেস্ক, ৪ মাৰ্চ: এই বছৰ অনুৰাগীক কিছুমান আকৰ্ষণীয় আৰু বাস্তৱ কাহিনীৰে অনুপ্ৰাণিত ছবি দেখুৱাবলৈ সাজু হৈছে ছাৰা আলী খান । মাৰ্চ মাহত অ’টিটি প্লেটফৰ্মত বেক টু বেক অভিনেত্ৰীগৰাকীৰ দুখন ছবি মুক্তি পাব । ইয়াৰে এখন হৈছে ‘মাৰ্ডাৰ মুবাৰক’ আৰু আনখন হৈছে ‘এ ৱতন মেৰে ৱতন’ ৷ আজি মুক্তি পালে ‘এ ৱতন মেৰে ৱতন’ ছবিখনৰ ট্ৰেইলাৰ ।

ইংৰাজৰ বিৰুদ্ধে মাত মাতিব ছাৰা আলী খানে

আজি কৰণ জোহৰে ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে । এই ছবিখনত ছাৰাই ৰেডিঅ’ৰ জৰিয়তে ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা এগৰাকী সাহসী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে । মুক্তি পোৱা ট্ৰেইলাৰত ছাৰাই স্বাধীনতাৰ শেষ যুদ্ধৰ বাবে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত এটা আণ্ডাৰগ্ৰাউণ্ড ৰেডিঅ’ ষ্টেচন আৰম্ভ কৰি ব্ৰিটিছৰাজৰ বিৰুদ্ধে যুঁজ দিয়ে ।

‘এ ৱতন মেৰে ৱতন’ ছবিখনত উষা মেহতাৰ চৰিত্ৰত দেখা যাব ছাৰা আলী খানক । ভাৰত ত্যাগ আন্দোলনৰ সময়ত উষা মেহতাই এটা চোৰাংচোৱা ৰেডিঅ’ ষ্টেচন আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ সমগ্ৰ দেশতে বিখ্যাত হৈছিল ।

ছাৰাৰ অভিনয়ক প্ৰশংসা কৰে অনুৰাগীয়ে

প্ৰায়ে হাঁহি-ধেমালি কৰি থকা ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা ছাৰা আলী খানক এনে চৰিত্ৰত দেখা পাই অনুৰাগীয়ে প্ৰশংসা কৰিছে । ছাৰাৰ জোৰদাৰ অভিনয় দেখা যায় ট্ৰেইলাৰটোত । ট্ৰেইলাৰৰ লগতে অনুৰাগীয়ে ছাৰাৰ বলিষ্ঠ অভিনয়ক প্ৰশংসা কৰিছে ।

কেতিয়া মুক্তি পাব ছবিখন ?

এই ছবিখন প্ৰযোজনা কৰিছে কৰণ জোহৰ, অপূৰ্ব মেহতা আৰু সোমেন মিশ্ৰই । কান্নান আয়েৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ কাহিনী লিখিছে আয়াৰ আৰু দৰব ফাৰুকীয়ে । ছবিখনত ছাৰা আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে বিশেষ অতিথি ৰূপত দেখা যাব ইমৰাণ হাছমীক ৷ আনহাতে শচীন খেদেকাৰ, অভয় ভাৰ্মা, স্পৰ্শ শ্ৰীবাস্তৱ, এলেক্স অ’নিল আৰু আনন্দ তিৱাৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখন হিন্দী আৰু তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি দিয়া হ’ব ৷ ২১ মাৰ্চত প্ৰাইম ভিডিঅ’ত ‘এ ৱতন মেৰে ৱতন’ৰ প্ৰিমিয়াৰ হ’ব।

লগতে পঢ়ক:একনৰ ছম্মক চাল্লো গীতত নৃত্য শ্বাহৰুখ-ছলমানৰ, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details