চিটাৰা ডেস্ক, 24 আগষ্ট : নৱাজুদ্দিন ছিদ্দিকী, ৰোহন মেহৰা, শ্ৰেয়া ধাৱানটাৰী আৰু ডায়েনা পেণ্টি অভিনীত অতিপ্ৰাকৃতিক আৰু ছাচপেন্সফুল ছবি অদ্ভূতৰ ট্ৰেইলাৰ আজি 24 আগষ্টত মুকলি কৰা হয় । নৱাজুদ্দিনক অদ্ভূত চলচ্চিত্ৰখনত এজন ডিটেক্টটিভৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ।
এই ট্ৰেইলাৰটো চাই দৰ্শক নিশ্চয়কৈ উত্তেজিত হৈ পৰিব ৷ ছুপাৰনেছাৰেল শক্তি সুন্ৰকৈ উপস্থাপন কৰা হৈছে ছবিখনত । ছবিখন ছাবিৰ খানে পৰিচালনা কৰিছে । ট্ৰেইলাৰটো উপভোগ কৰক-
- অদ্ভূতৰ ট্ৰেইলাৰটো কেনেকুৱা ?
অদ্ভূতৰ ট্ৰেইলাৰ আৰম্ভ হয় ছবিখনৰ মুখ্য দম্পতী ৰোহন মেহৰা আৰু শ্ৰেয়াৰ মাজত হোৱা কথা-বতৰাৰ পৰা আৰু তাৰ পিচত দুয়োকে অন্তৰংগ হোৱা দেখা যায় । ৰোহন আৰু শ্ৰেয়া অন্তৰংগ মুহূৰ্তৰ সময়তে হঠাৎ ঘৰৰ দুৱাৰখন খোল খাই যায় আৰু তাৰ পিচতে আৰম্ভ হয় এটা অদৃশ্য অপশক্তিৰ খেল । এই দুষ্ট শক্তি কোন, কিয় আহিছে আৰু কিয় ৰোহন-শ্ৰেয়াৰ পিচত পৰে সেই কথা জানিবলৈ নৱাজুদ্দিন ছিদ্দিকীয়ে ডিটেক্টিভ হিচাপে ট্ৰেইলাৰত প্ৰৱেশ কৰে ।