অসম

assam

ETV Bharat / entertainment

প্ৰাৰ্থী নিৰ্বাচনক লৈ তৃণমূলত আৰম্ভ গৃহকন্দল, পদত্যাগ সায়ন্তিকা বেনাৰ্জীৰ - Sayantika Banerjee resigns from TMC

Sayantika Banerjee resigns : ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৃণমূল কংগ্ৰেছ দলৰ ভিতৰত আৰম্ভ হৈছে গৃহকন্দল । দলৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিচতে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা সায়ন্তিকা বেনাৰ্জীয়ে পদৰ পৰা পদত্যাগ কৰে । সম্পূৰ্ণ খবৰ তলত পঢ়ক...

Actress Sayantika Banerjee resigns from TMC
পদত্যাগ সায়ন্তিকা বেনাৰ্জীৰ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 5:45 PM IST

চিটাৰা ডেস্ক, ১১ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত তৃণমূল কংগ্ৰেছত আৰম্ভ হৈছে গৃহকন্দল । দেওবাৰে বিয়লি ঘোষণা কৰা হয় দলীয় প্ৰাৰ্থীৰ তালিকা । এই ঘোষণাৰ কেইঘণ্টামানৰ পাচতে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা সায়ন্তিকা বেনাৰ্জীয়ে পদৰ পৰা পদত্যাগ কৰে । পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সুব্ৰত বক্সীলৈ প্ৰেৰণ কৰা পদত্যাগৰ পত্ৰত তেওঁ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে ।

পদত্যাগ সয়ন্তিকা বেনাৰ্জীৰ

দলৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, পদত্যাগ পত্ৰত বেনাৰ্জীয়ে কেনেদৰে দলৰ নিয়ম অনুসৰি কাম কৰিছিল আৰু তিনি বছৰ ধৰি নিয়মীয়াকৈ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰিছে । দৰাচলতে অভিষেক বেনাৰ্জীয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিচতেই দলটোৰ প্ৰতি তেওঁৰ অসন্তুষ্টি স্পষ্ট হৈ পৰে । ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মেগা ৰেলীত উপস্থিত আছিল সায়ন্তিকা, য’ৰ পৰা প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় ।

এই ঘোষণাৰ পিচতে তেওঁ সভাস্থলীৰ পৰা ওলাই গৈ মোবাইলত কাৰোবাৰ সৈতে কথা পতা দেখা যায় । ইয়াৰ পিচতে এই সিদ্ধান্ত লয় সায়ন্তিকাই ৷ পশ্চিম বংগৰ বাকুঁড়া বিধানসভা সমষ্টিৰ পৰা ২০২১ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বেনাৰ্জীয়ে, অৱশ্যে পৰাজিত হৈছিল । ইয়াৰ পিচত তেওঁক দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয় ।

ইফালে বেনাৰ্জীয়ে পদত্যাগ পত্ৰ দিয়াৰ বিপৰীতে উত্তৰ ২৪ পৰগনা জিলাৰ বেৰেকপুৰ লোকসভা সমষ্টিৰ সাংসদ অৰ্জুন সিঙে তৃণমূল কংগ্ৰেছ নেতৃত্বই তেওঁক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । সিঙৰ নাম প্ৰাৰ্থী তালিকাৰ পৰা আঁতৰাই তেওঁৰ ঠাইত দলটোৱে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী পাঠা ভৌমিকক মনোনীত কৰিছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি ২০১৯ চনত অৰ্জুন সিং বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল । কিন্তু ২০২২ চনত অভিষেক বেনাৰ্জীৰ উপস্থিতিত সিঙে পুনৰ তৃণমূল কংগ্ৰেছত যোগদান কৰে ।

সিঙে অভিযোগ উত্থাপন কৰিছে যে ২০২২ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সময়ত তেওঁক বেৰেকপুৰৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । তেওঁ এই সন্দৰ্ভত কয়, ‘‘কিন্তু এতিয়া মোক বাহিৰৰ পৰা অহা বুলি টিকট দিবলৈ নাকচ কৰা হৈছে । দলৰ এই সিদ্ধান্ত মোৰ বাবে যথেষ্ট চাঞ্চল্যকৰ । আগতে কোৱা হ’লে মই দলত যোগদান নকৰিলোহেঁতেন । বাৰে বাৰে সোধা সত্ত্বেও তেওঁ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপক লৈ মৌন হৈ থাকিল ।’’

লগতে পঢ়ক:CAAৰ বিৰোধিতা কৰাৰ বাবে নিশাটোৰ ভিতৰতে শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল এইগৰাকী অভিনেতাগৰাকীক

ABOUT THE AUTHOR

...view details