চিটাৰা ডেস্ক, ১২ মাৰ্চ:লোকসভা নিৰ্বাচন সমাগত ৷ কিন্তু ভাৰত চৰকাৰে লোকসভা নিৰ্বাচনৰ ঠিক আগতে বহুদিনৰ পৰা চৰ্চিত নাগৰিকত্ব সংশোধনী আইন (CAA) বলৱৎ কৰিছে ৷ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি নিজৰ ভোট বেংকক বিভাজিত কৰাৰ কাম কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । অৱশ্যে এয়া আমি কোৱা কথা নহয়, সকলো বিৰোধী ৰাজনৈতিক দলে এই কথা কৈছে ।
সমগ্ৰ বিৰোধী দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে । একে সময়তে শেহতীয়াকৈ ৰাজনীতিত প্ৰৱেশ কৰা দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতী বিজয়েও এই নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰিছে ৷ অভিনেতাগৰাকীয়ে এই বিধেয়কখনক অসাৰ বুলি অভিহিত কৰিছে । আনকি অভিনেতাগৰাকীয়ে তামিলনাডু চৰকাৰক নিজৰ ৰাজ্যত ইয়াক কাৰ্যকৰী নকৰিবলৈ অনুৰোধ জনাইছে ।
থালাপতী বিজয়ে কয়, ‘‘নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু এনে কোনো আইন দেশত কাৰ্যকৰী কৰিব নোৱাৰি ৷ কাৰণ দেশত ইতিমধ্যে ভাতৃত্ববোধ আছে ৷ তেন্তে এনে অসাৰ আইনৰ কি প্ৰয়োজন ? কোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন কাৰ্যকৰী নকৰিবলৈ অভিনেতাগৰাকীয়ে নিজৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে ।’’
কোনে কোনে CAA ৰ বিৰোধিতা কৰিছে ?