হায়দৰাবাদ : বলীউডৰ অন্যতম বিখ্যাত কৌতুক অভিনেতা টিকু তালছানিয়াক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । হৃদ ৰোগত আক্ৰান্ত হৈছিল তেওঁ ৷ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁৰ ঘনিষ্ঠই জনোৱা অনুসৰি অভিনেতাজন ঘৰলৈ উভতিছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ ৷ চিকিৎসকে তেওঁক ঘৰত আৰাম কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷
টিকু চিনেমা আৰু টেলিভিছনৰ জগতৰ এক সুপৰিচিত নাম । ৭০ বছৰীয়া অভিনেতাগৰাকীৰ শাৰীৰিক অৱস্থাক লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল । অৱশ্যে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় কোনো খবৰ এতিয়ালৈকে পৰিয়াল তথা বন্ধু-বান্ধৱীৰ তৰফৰ পৰা পোৱা হোৱা নাই । ৯০ৰ দশকত তেওঁ ‘‘আন্দাজ আপনা’’, ‘‘কুলি নং ১’’, ‘‘জোড়ী নং ১’’ আদি হিট ছবিত কাম কৰিছিল ।
টিকু তালছানিয়াৰ জন্ম হৈছিল ১৯৫৪ চনত । ১৯৮৪ চনত ‘‘য়েহ জো হে জিন্দেগী’’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে তেওঁ । হিন্দী চিনেমা জগতত তেওঁৰ কৌতুক আৰু অভিনয়ে দৰ্শকক সদায়ে মোহিত আৰু হাঁহিবলৈ বাধ্য কৰি আহিছে ।
চিনেমা ছিৰিয়েলৰ লগতে টিকুৱে কেইবাখনো থিয়েটাৰ কৰিছে । ১৯৮৬ চনত ৰূপালী পৰ্দাত কাম কৰাৰ প্ৰথম সুযোগ লাভ কৰে তেওঁ । ছবিখনৰ নাম ‘‘প্যাৰ কে দো পল’’ । টিকুৱে মিথুন চক্ৰৱৰ্তী, জয়াপ্ৰদা আৰু ছিম্পল কাপাডিয়া অভিনীত ছবিতো অভিনয় কৰিছে । তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘দেৱদাস’ত শ্বাহৰুখ খানৰ এজন সেৱক আৰু ঘনিষ্ঠ বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল ।
তেওঁ অভিনীত কেইখনমান চিনেমা হ’ল - ‘‘বোল ৰাধা বোল’’, ‘‘কুলি নং ১’’, ‘‘ৰাজা হিন্দুস্তানী’’, ‘‘হিৰো নং ১’’, ‘‘বড়ে মিয়া ছোটে মিয়া’’, ‘‘হংগামা ২’’ আদি । টেলিভিছন ধাৰাবাহিকসমূহৰ ভিতৰত তেওঁ ‘‘গোলমাল হে ভাই সব গোলমাল হে’’, ‘‘জিন্দেগী অভি বাকী হে মেৰে দোস্ত’’, ‘‘সাজন ৰে ফিৰ ঝুঠ মত বোলো’’ ইত্যাদিৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল ।