গুৱাহাটী :শীঘ্ৰেই আহি আছে ‘অশ্বত্থামা হত । ইতি গজ ৷’ নামৰ এখন নতুন ৱেব ছিৰিজ ৷ নামটোৰ দৰেই এক ব্যতিক্ৰমী বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে এই নতুন ৱেব ছিৰিজখন ৷ পৰিচালনা কৰিছে যুৱ পৰিচালক তনুজ নাথে । কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা এই নতুন ৱেব ছিৰিজখনৰ চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ বৰুৱা আৰু উদয় পাটৰ । পাপ আৰু পূণ্যৰ মাজৰ পৃথিৱীখনত মনুষ্যত্ব লাভ কৰা জীৱবোৰে জীৱন কেনেদৰে অতিবাহিত কৰে তাক লৈ ছিৰিজখন নিৰ্মাণ কৰিছে তনুজ নাথে ৷ ‘অশ্বত্থামা হত । ইতি গজ ৷’ ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা তপন দাসে ।
আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ সন্দৰ্ভত মন্তব্য কৰি ৱেব ছিৰিজখনৰ পৰিচালক তনুজ নাথে কয়, "অশ্বত্থামা বুলি ক’লে আমি মহাভাৰতৰ অশ্বত্থামাক সকলোৱে জানো । আমাৰ ছিৰিজখনৰ কাহিনীটো আচলতে মহাভাৰতৰ অশ্বত্থামাৰ কাহিনীটো নহয় । আমাৰ এই ৱেব ছিৰিজখনৰ কাহিনীটোত বিশিষ্ট অভিনেতা তপন দাসক লৈ বৰ্তমান যুগত যদি এখন গাঁৱত অশ্বত্থামা থাকিলেহেঁতেন তেন্তে কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লহেঁতেন এনে এক কাহিনীৰ আধাৰত এই ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । বহুত প্ৰত্যাহ্বানমূলক এটা কাহিনী । এক কথাত ক’বলৈ গ'লে ‘অশ্বত্থামা হত। ইতি গজ ৷’ এক ক্ৰাইম থ্ৰীলাৰযুক্ত ৱেব ছিৰিজ ।"