অসম

assam

ইতিহাসৰ মঞ্চত অঘটন : নাচোতে পৰিল শ্যামন্তিকা, বাইক চলাই পৰিল যতীন - Jatin ShyamontikaTheatre accident

By ETV Bharat Entertainment Team

Published : Aug 29, 2024, 4:21 PM IST

Jatin Bora and Shyamontika Sharma : চলি আছিল থিয়েটাৰ ৷ দৰ্শকৰ চকুও থৰ লাগি আছিল অভিনেতা-অভিনেত্ৰীৰ ওপৰত ৷ তেনেকুৱাতে ঘটিল অঘটন ৷ দৰ্শকৰ সন্মুখতে বাগৰি পৰিল দুই তাৰকা ৷

actor jatin bora and Shyamontika Sharma faces Unexpected incidents at theatres
থিয়েটাৰৰ মঞ্চত অঘটন (ETV Bharat Assam)

বৰপেটা/ নলবাৰী, 29 আগষ্ট :অসমত এতিয়া থিয়েটাৰৰ বতৰ ৷ প্ৰায় এমাহ-দুমাহ ধৰি চলা আখৰাৰ পিছত নাট্যগোষ্ঠীসমূহে আৰম্ভ কৰিছে থিয়েটাৰৰ 2024-25 নাট্যবৰ্ষ ৷ অসমৰ ইমূৰে-সিমূৰে নাট্যদলসমূহে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে ৷ থিয়েটাৰ চাবলৈ অহা দৰ্শকৰ ভিৰ দেখি প্ৰশান্তি লভিছে এটা নাট্যদলে ৷ কিন্তু তাৰ মাজতে কালি নিশা দুটা ঠাইত ঘটিল নঘটিবলগীয়া দুটা ঘটনা ৷ স্থান বৰপেটা আৰু নলবাৰী ৷

থিয়েটাৰৰ মঞ্চত অঘটন (ETV Bharat Assam)

বৰপেটা জিলাৰ চেঙাত বুধবাৰে নিশা ভ্ৰাম্যমাণ নাট্যদল ইতিহাস থিয়েটাৰত সংঘটিত এক দুৰ্ঘটনাত শিশুসহ কেবাজনো লোক আহত হয় । আহত হোৱাসকলৰ ভিতৰত থিয়েটাৰখনৰ অভিনেতা যতীন বৰাও আছে । নাট্যদলটোৱে বুধবাৰে দ্বিতীয় নিশা ‘মহাৰাজা’ নামৰ নাটকখন পৰিৱেশন কৰি আছিল । নাটকখনৰ এটা দৃশ্যত মুখ্য অভিনেতা যতীন বৰাই গেলাৰীৰ পৰা মঞ্চলৈ ৰেম্পেৰে মটৰ চাইকেল চলাই আহি আছিল । তেতিয়াই এটা টাৰ্ণিং লওতেই বৰা মটৰ চাইকেলসহ ৰেম্পৰ পৰা তলত বাগৰি পৰে । লগে লগে হুৱাদুৱা লাগে দৰ্শকৰ মাজত ৷ অভিনেতাজনে নিজে কিছু দুখ পোৱাৰ লগতে ওচৰতে থকা শিশুসহ কমেও সাতজন দৰ্শক আহত হয় । থিয়েটাৰখনৰো এজন লোক আহত হয় ।

আহত দুটি শিশুক চেঙাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।‌ অৱশ্যে কাৰো আঘাত গুৰুতৰ নহয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ আনহাতে দুৰ্ঘটনাটোৰ ফলত কিছু সময়ৰ বাবে নাট প্ৰদৰ্শন বন্ধ হয় যদিও পাছত পুনৰ আৰম্ভ হয় । ঘটনাটোক লৈ অভিনেতা বৰাই এয়া কাৰিকৰী দুৰ্ঘটনা বুলি মন্তব্য কৰে ।

আনহাতে নলবাৰীৰ ভদ্ৰাত নিশা ৰাজতিলক থিয়েটাৰটো ঘটিল অঘটন । নাটকৰ গীত এটাত নৃত্য কৰি থাকোতে মঞ্চৰ পৰা তললৈ নামি আহোতে অকস্মাতে পৰি যায় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা । নলবাৰীৰ অময়াপুৰ ভদ্ৰাত ৰাজতিলক থিয়েটাৰৰ মঞ্চত সংঘটিত হয় এই অঘটন । ‘ৰাজপথৰ ৰাজকুমাৰী’ নামৰ নাটকখনৰ এটি গীতত নাচি থাকোতে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা মঞ্চৰ পৰা পৰি যায় । ফলত থিয়েটাৰৰ প্ৰেক্ষাগৃহত এক হাহাকাৰ পৰিৱশেৰ সৃষ্টি হয় । অভিনেত্ৰীগৰাকীয়ে হতাশ হৈ পৰে যদিও পৰৱৰ্তী সময়ত পুনৰ নাটকখনৰ বাকী দৃশ্যবোৰ মঞ্চস্থ কৰা হয় । উল্লেখ্য যে, ভদ্ৰাৰ ৰাধাকানু সত্ৰৰ উন্নয়নৰ সাহায্যৰ্থে তিনিটা নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছিল ৰাজতিলক থিয়েটাৰক আৰু যোৱা নিশা আছিল তেওঁলোকৰ নাট মঞ্চস্থৰ দ্বিতীয় নিশা ।

লগতে পঢ়ক :কৃষ্ণ জন্মাষ্টমীৰ দিনাই নলবাৰীত আত্মপ্ৰকাশ নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীৰ - Mondakini Bhramyaman theatre

ABOUT THE AUTHOR

...view details