চিটাৰা ডেস্ক, ১৬ মাৰ্চ: চলচ্চিত্ৰ জগতত ওখ, সুস্থ শৰীৰ আৰু ধুনীয়া চেহেৰা হোৱাটো খুবেই প্ৰয়োজনীয় বুলি গণ্য কৰা হয় ৷ অভিনেতা বা অভিনেত্ৰী হোৱাৰ পিচত যিকোনো শিল্পীয়ে নিজৰ ব্যক্তিত্বৰ বিশেষ যত্ন লয়, যাতে তেওঁৰ প্ৰতিটো দিশ পৰ্দাত ভালকৈ দেখা যায় । কিন্তু এইবোৰ গুণ নথকাৰ পিচতো এনে এজন শিল্পী আছে যিয়ে নিজৰ কমেডীৰে বলীউডত আধিপত্য বিস্তাৰ কৰিছে । হয়, আমি কৈছোঁ ৰাজপাল যাদৱৰ কথা ।
১৯৭১ চনৰ ১৬ মাৰ্চত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ কুণ্ড্ৰা গাঁৱত জন্মগ্ৰহণ কৰা ৰাজপাল যাদৱৰ আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই । তেওঁৰ সফলতা সকলোৱে পৰ্দাত দেখিছে । কিন্তু সফলতাৰ এই সোৱাদ লোৱাৰ আগতে তেওঁ ব্যক্তিগত জীৱনত বহু উত্থান-পতন দেখিবলগীয়া হৈছিল ৷ আজি ৫৩ সংখ্যক জন্মদিন উদযাপন কৰা ৰাজপাল যাদৱৰ হাতত অপৰিসীম ধন-সম্পত্তি আৰু বিলাসী বস্তুৰ অভাৱ নাই । কিন্তু পৰ্দাত সকলোকে হাঁহিৰ খোৰাক দিয়া ৰাজপাল যাদৱে এসময়ত বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷ গতিকে তেওঁৰ এই বিশেষ দিনটোত জানো আহক তেওঁ চিনেমালৈ অহাৰ আগতে কেনেকুৱা আছিল আৰু কি কৰিছিল ৷
টেইলাৰিঙৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল
অভিনেতাগৰাকীৰ বয়স তেতিয়া ১৯ বা ২০ বছৰ আছিল যেতিয়া তেওঁৰ প্ৰথম পত্নী কৰুণাৰ মৃত্যু হৈছিল আৰু তেওঁ নৱজাত কন্যা জ্যোতিৰ সৈতে অকলশৰীয়া হৈ পৰিছিল । হঠাৎ হোৱা এই ঘটনাই ৰাজপালক মানসিকভাৱে ভাঙি পেলাইছিল ৷ ইয়াৰ পিচত তেওঁ এটা চাকৰিত যোগদান কৰে, কিন্তু সেই কামৰ প্ৰতি আগ্ৰহ নথকাৰ বাবে বেছি দিন চলাই নিব নোৱাৰিলে । অৱশ্যে পৰিয়ালটোৰ আৰ্থিক অৱস্থাও বৰ ভাল নাছিল, সেয়েহে অভিনয় জগতত খোজ দিয়াৰ পূৰ্বে ৰাজপালে দৰ্জী কাম আৰম্ভ কৰিছিল ।
দৰ্জী কাম আৰম্ভ কৰিছিল যদিও ৰাজপালৰ সপোন আছিল সেনাবাহিনীত যোগদান কৰাৰ । ইয়াৰ বাবে তেওঁ বহু চেষ্টা কৰিছিল যদিও যেতিয়া বিষয়াসকলে ৰেলীত তেওঁৰ চুটি চাপৰ উচ্চতা দেখিছিল, তেতিয়া তেওঁক নাকচ কৰা হৈছিল । যাৰ বাবে তেওঁ বুজি পাইছিল যে এই দিশত তেওঁৰ একো নহ’ব । গতিকে সকলো পাহৰি তেওঁ দৰ্জী কাম কৰিবলৈ ধৰিলে । কিন্তু ৰাজপালে এই কাম কৰি আছিল যদিও মন নাছিল কৰিবলৈ ৷ যাৰ বাবে তেওঁ এই কামটোও বেছি দিন নকৰিলে ।
থিয়েটাৰৰ সৈতে কেনেদৰে জড়িত হৈছিল ৰাজপাল যাদৱ ?
ৰাজপালৰ প্ৰথম পত্নীৰ মৃত্যুৰ সময়ত তেওঁৰ কন্যা জ্যোতিৰ বয়স আছিল মাত্ৰ এদিন । ৰাজপালৰ বয়সো তেতিয়া কম আছিল । সৰুতে তেওঁৰ জীৱন গঢ়াৰ এক বৃহৎ সুযোগ আছিল যদিও কম বয়সতে বৰ্ধিত দায়িত্বৰ বাবে তেওঁ কেনেকৈ কি কৰিব লাগে বুজিব পৰা নাছিল । তাৰ পিচত মাতৃ আৰু পৰিয়ালৰ সকলো মহিলাই তেওঁৰ কন্যাক চোৱা-চিতা কৰিছিল, যাৰ বাবে ৰাজপালে নাট্য শিক্ষণৰ আবেগ পূৰণ কৰিবলৈ সক্ষম হৈছিল ।