অসম

assam

ETV Bharat / business

কিমান মহঙা হ’ল পেট্ৰল-ডিজেলৰ মূল্য, তৎক্ষণাত আপোনাৰ চহৰৰ ৰেট পৰীক্ষা কৰক

Petrol Diesel prices: ১৯ অক্টোবৰত তেল কোম্পানীয়ে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ হাৰ নিৰ্ধাৰণ কৰিছে । কোন চহৰত ইয়াৰ কিমান দাম জানেনে ?

By ETV Bharat Business Team

Published : 4 hours ago

Petrol Diesel prices
মহঙা হ’ল পেট্ৰল-ডিজেলৰ মূল্য (IANS)

নতুন দিল্লী :প্ৰতিদিনে পুৱা ৬ বজাত তেল বিপণন কোম্পানী (Oil marketing company চমুকৈ OMC)সমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ঘোষণা কৰে । বিশ্বৰ খাৰুৱা তেলৰ মূল্য আৰু বৈদেশিক মুদ্ৰাৰ হাৰৰ উঠা-নমাৰ প্ৰতি সঁহাৰি জনাই OMC-এ মূল্যৰ সালসলনি কৰে । ইয়াৰ ফলত গ্ৰাহকসকলে প্ৰতিদিনে শেহতীয়া ইন্ধনৰ হাৰৰ বিষয়ে অৱগত হোৱাত সহায় হয় ।

পিছে আপুনি বাৰু জানেনে আপোনাৰ চহৰত আজিৰ পেট্ৰ'ল ডিজেলৰ দাম কিমান ? যদিহে ঘৰৰ পৰা ফুৰিবলৈ বা অন্য কামত ঘৰৰ পৰা বাহিৰলৈ যাব লৈছে, তেন্তে জানি লওক আজিৰ তাৰিখত কিমান মহঙা হৈছে পেট্ৰ'ল ডিজেলৰ মূল্য ৷

তলৰ তালিকাত উল্লেখ কৰা হ’ল ইয়াৰ দাম -

চহৰ পেট্ৰ’লৰ দাম ডিজেলৰ দাম
গুৱাহাটী 98.15 89.38
দিল্লী 94.72 87.62
মুম্বাই 103.44 89.97
চেন্নাই 100.85 92.44
কলকাতা 103.94 90.76
নয়ডা 94.66 87.76
লক্ষ্নৌ 94.65 87.76
বেংগালুৰু 102.86 88.94
হায়দৰাবাদ 107.41 95.65
জয়পুৰ 104.88 90.36
তিৰুৱনন্তপুৰম 107.62 96.43
ভুৱেনেশ্বৰ 101.06 92.91

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত প্ৰভাৱ পেলোৱা কাৰকসমহ কি জানেনে ?

  1. খাৰুৱা তেলৰ মূল্য :পেট্ৰ’ল আৰু ডিজেল উৎপাদনৰ প্ৰাথমিক কেঁচামাল হ’ল খাৰুৱা তেল । ইয়াৰ মূল্যই এই ইন্ধনসমূহৰ চূড়ান্ত খৰচত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় ।
  2. ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় হাৰ : খাৰুৱা তেলৰ প্ৰধান আমদানিকাৰক হিচাপে ভাৰতৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যতো ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় হাৰৰ প্ৰভাৱ পৰে ।
  3. কৰ :পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে বিভিন্ন কৰ আৰোপ কৰে । এই কৰসমূহ ৰাজ্যভেদে ভিন্ন হ’ব পাৰে ৷ যাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ চূড়ান্ত মূল্যত যথেষ্ট প্ৰভাৱ পৰে ।
  4. পেট্ৰ’ল আৰু ডিজেলৰ চাহিদা : পেট্ৰ’ল আৰু ডিজেলৰ চাহিদাইও ইয়াৰ মূল্যত প্ৰভাৱ পেলাব পাৰে । যদি এই ইন্ধনসমূহৰ চাহিদা বৃদ্ধি পায়, তেন্তে ইয়াৰ মূল্য বৃদ্ধি হ’ব পাৰে ।
লগতে পঢ়ক :পুনৰ দাম বাঢ়িল পেট্ৰ’লৰ: আপোনাৰ অঞ্চলত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য...জানি লওক সবিশেষ

ABOUT THE AUTHOR

...view details