নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ :EPFO সন্দৰ্ভত মোদী চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে । এই দাবী কৰিছে ফাইনেন্সিয়েল এক্সপ্ৰেছে । ফাইনেন্সিয়েল এক্সপ্ৰেছৰ মতে, চৰকাৰী দৰমহাৰ সীমা ১৫ হাজাৰ টকাৰ পৰা ২১ হাজাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে । সহজ অৰ্থত এনে হ’লে ১ কোটি টকাৰ পি এফ ফাণ্ড (PF Fund) লৈ অৱসৰ ল’ব পাৰিব ।
ধৰি লওক যিকোনো কৰ্মচাৰীৰ মাহিলী আয় ১৫,০০০ টকা বা তাতকৈ কম, তেতিয়া কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োজনে দৰমহাৰ ১২ শতাংশ বৰঙণি দিব লাগিব । কিন্তু নিয়োগকৰ্তাই দিয়া অৱদান দুটা ভাগত বিভক্ত কৰা হয় । অৰ্থাৎ ৮.৩৩ শতাংশ কৰ্মচাৰী পেঞ্চন (EPS) আৰু ৩.৬৭ শতাংশ প্ৰভিডেণ্ট ফাণ্ডলৈ (Provident Fund) যায় ।
- যদি মাহিলী আয় ১৫ হাজাৰ টকা হয়; তেন্তে...
যিকোনো কৰ্মচাৰীৰ দৰমহা ১৫ হাজাৰ টকা বুলি যদি ধৰি লওঁ, তেতিয়া হ’লে প্ৰতিমাহে তেওঁৰ প্ৰভিডেণ্ট ফাণ্ডৰ অৱদান ১৮০০ টকা । আনহাতে প্ৰভিডেণ্ট ফাণ্ডত নিয়োগকৰ্তাৰ অৱদান হ’ব ৫৫০.৫০ টকা আৰু EPS লৈ বৰঙণি হ’ব ১২৪৯.৫০ টকা ।
যদি আমি ধৰি লওঁ যে আপুনি ২৩ বছৰ বয়সত ১৫ হাজাৰ টকা বিনিয়োগ কৰিছে । যদি আপুনি ১০০০ টকাত চাকৰি আৰম্ভ কৰে আৰু ৩৫ বছৰ ধৰি অবিৰতভাৱে EPFO ত বৰঙণি আগবঢ়াই থাকে, তেন্তে অৱসৰৰ সময়ত আপুনি মুঠ ৭১.৫৫ লাখ টকা পাব । সুতৰ হাৰ ৮.২৫ শতাংশ হ’লেহে উপলব্ধ হ’ব ।
- নতুন পৰিস্থিতিত অৰ্থাৎ চৰকাৰে সীমা বৃদ্ধি কৰিলে কি হ’ব ?