ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ মে' :গ্লোবেল ব্ৰেণ্ডছ আলোচনীৰ উদ্যোগত 'গ্লোবেল ব্ৰেণ্ড এৱাৰ্ডছ' যোৱা ৪ মে'ত বেংককৰ এথেনি হোটেলত অনুষ্ঠিত হয় । বিভিন্ন শাখাত অনুষ্ঠিত এই গ্লোবেল ব্ৰেণ্ড এৱাৰ্ডছত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু আগশাৰীৰ ব্ৰেণ্ডবোৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । বিভিন্ন শাখাত বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ ব্ৰেণ্ডবোৰক চিনাক্ত কৰাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।
বিশ্বৰ বৃহৎ ব্ৰেণ্ডবোৰৰ উপস্থিতিৰে গ্ৰেণ্ড হলত আয়োজিত এই কাৰ্যসূচীত অধিক আকৰ্ষণীয় হৈ পৰে । অনুষ্ঠানটোত মুখ্য অতিথি দিপালী খান্নাৰ সভাপতিত্ব অনুষ্ঠিত হয় । খান্না ৰকফেলাৰ ফাউণ্ডেচনৰ উপ-সভাপতি ।
বঁটা প্ৰদান অনুষ্ঠানত দিপালী খান্নাৰ উপৰিও তিৰাফল আম্ভাই আৰু জোচেফ চান আৰু বিশাল সুদে অংশগ্ৰহণ কৰে । নিশা এই বঁটা বিশ্বৰ শীৰ্ষ ব্ৰেণ্ডৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে । অনুষ্ঠানটোত বিশ্বৰ কিছুমান শীৰ্ষ ব্ৰেণ্ডৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে । তাৰ ভিতৰত আছিল থাইলেণ্ডৰ ফেডএক্স এক্সপ্ৰেছ, মালয়েছিয়া এয়াৰলাইনছ, মাৰ্চিডিজ বেঞ্জ (থাইলেণ্ড) লিমিটেড, টিএইচ গ্ৰুপ, মেজৰ চিনেপ্লেক্স, এছিয়া পে আৰু অন্যান্য গুৰুত্বপূৰ্ণ ব্ৰেণ্ড ।